টি-২০ বিশ্বকাপ ২০২৬: জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতৰ ৭২ ৰানত জয়,ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ডু অৰ ডাই মেচ
চেন্নাই, ২৭ ফেব্ৰুৱাৰী (হি.স.)। আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতে ছুপাৰ ৮ মেচত জিম্বাবুৱেক ৭২ ৰানত পৰাস্ত কৰি শক্তিশালী প্ৰত্যাৱৰ্তন কৰে। এম এ চিদাম্বৰম ষ্টেডিয়ামত খেলা এই খেলখনত ভাৰতৰ জয়ৰ ফলত জিম্বাবুৱেই প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ ব
टी20 विश्वकप 2026ः अर्शदीप के 3 विकेट से भारत की 72 रन की जीत,


চেন্নাই, ২৭ ফেব্ৰুৱাৰী (হি.স.)। আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতে ছুপাৰ ৮ মেচত জিম্বাবুৱেক ৭২ ৰানত পৰাস্ত কৰি শক্তিশালী প্ৰত্যাৱৰ্তন কৰে। এম এ চিদাম্বৰম ষ্টেডিয়ামত খেলা এই খেলখনত ভাৰতৰ জয়ৰ ফলত জিম্বাবুৱেই প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতে জিম্বাবুৱেক ৭২ ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশৰ আশা জীয়াই ৰাখিছে । ভাৰতে এতিয়া টি-২০ বিশ্বকাপৰ শীৰ্ষ চাৰিটা স্থানত প্ৰৱেশ কৰিবলৈ ৱেষ্ট ইণ্ডিজক ছুপাৰ ৮ৰ অন্তিমখন খেলত পৰাস্ত কৰিব লাগিব । ১ মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই মেচখন ।

প্ৰথম বেটিং কৰি ভাৰতে সৰ্বমুঠ ২৫৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত জিম্বাবুৱেই ২০ অভাৰত ১৮৪/৬ ৰানহে কৰিবলৈ সক্ষম হয়।

আৰ্শদীপৰ মাৰাত্মক বলিং

ফাষ্ট বলাৰ আৰ্ছদীপ সিঙে জিম্বাবুৱেৰ ইনিংছৰ কঁকাল ভাঙি ৪ অভাৰত ২৪ ৰানত ৩টা উইকেট দখল কৰে । তেওঁ ছিকন্দৰ ৰাজা, ৰিয়ান বাৰ্ল আৰু টনি মুনয়ংগাক আউট কৰি ভাৰতৰ হৈ মেচখন আজুৰি আনে।

ব্রায়ান বেনেটৰ যুঁজাৰু ইনিংছ

জিম্বাবুৱেৰ হৈ ব্রায়ান বেনেটে সংঘৰ্ষ কৰে আৰু ৫৯টা বলত অপৰাজিত ৯৭ ৰান কৰে। তেওঁৰ ইনিংছত আঠটা চাৰি আৰু চাৰিটা ছয় আছিল। অৱশ্যে তেওঁ শতকৰ পৰা তিনি ৰান আঁতৰত থাকে।

ভাৰতৰ হৈ স্থানীয় খেলুৱৈ বৰুণ চক্ৰৱৰ্তীয়ে মিতব্যয়ী বলিং কৰাৰ বিপৰীতে অক্ষৰ পেটেলে তাদিৱানাশে মাৰুমানীৰ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে।

বেটিঙত উজ্বল প্ৰদৰ্শন

এইবাৰ খেলা একাদশত অন্তৰ্ভুক্ত হোৱা সঞ্জু চেমছনক ২৪ ৰানত আউট হয়। ধাৰাবাহিকভাৱে ব্যৰ্থ হৈ থকা অভিষেক শৰ্মাৰ সৈতে সঞ্জুৱে ২২টা বলত প্ৰথম উইকেটৰ বাবে ৪৮ ৰান সংযোজন কৰে। ইয়াৰ পিছত অভিষেক শৰ্মাই (৫৫ ৰান) ইনিংছ স্থিৰ কৰাই নহয়, ঈশান কিষানৰ সৈতে দ্ৰুত ৰান সংগ্ৰহ কৰে। পৰৱৰ্তী ৭ অভাৰত দুয়োজনে ৭২ ৰান সংযোজন কৰে। ঈশান কিষানে ২৪ টা বলত ৩৮ ৰান গঢ়িছিল।

অধিনায়ক সূৰ্যকুমাৰেও ৩টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ১৩টা বলত ৩৩ ৰান সংগ্ৰহ কৰি ভাল প্ৰদৰ্শন আগবঢ়ায়। অৱশ্যে খেলখন অধিক ৰোমাঞ্চকৰ হৈ পৰে যেতিয়া হাৰ্দিক পাণ্ডিয়াই (২৩ বলত ৫০ ৰান) আৰু তিলক বৰ্মা (১৬ বলত ৪৪ ৰান)ই ৩১ বলত ৮৪ ৰান সংগ্ৰহ কৰে।

এই বেটিং আধিপত্যই ভাৰতক ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ সৰ্বোচ্চ মুঠ আৰু টি-২০ বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক মুঠ স্থান লাভ কৰাত সহায় কৰিছিল।

এতিয়া ৱেষ্ট ইণ্ডিজৰ সৈতে নিৰ্ণায়ক সংঘৰ্ষ

এই জয়ে ভাৰতৰ নেট ৰান ৰেট উন্নত কৰি দলৰ অভিযানক পুনৰ শুদ্ধ পথত আগুৱাই লৈ যায়। অহা ১ মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলখন ‘ভাৰ্চুৱেল নকআউট’ হ’ব। এই মেচখনৰ বিজয়ীয়ে ছেমি ফাইনেলৰ দিশত এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব।

ভাৰতৰ বিজয়ৰ ব্যৱধান বৃহৎ হ’লেও তেওঁলোকৰ বলিং কম্বিনেচনৰ উন্নতিৰ প্ৰয়োজনীয়তা স্পষ্টকৈ দেখা গৈছিল। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে এই দিশসমূহৰ প্ৰতি দল পৰিচালনাই বিশেষ গুৰুত্ব দিব লাগিব।

हिन्दुस्थान समाचार


 rajesh pande