
নতুন দিল্লী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ ছফী মলিনেক্সক ভাৰতৰ বিৰুদ্ধে চলি থকা মাল্টি ফৰ্মেট শৃংখলাৰ বাকী মেচসমূহৰ পৰা বাদ দিয়া হৈছে।
শুকুৰবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে তেওঁ কঁকালৰ তলৰ অংশৰ বিষত ভুগি আহিছে, যাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।
ব্রিজবেনত অনুষ্ঠিত হোৱা মহিলাৰ প্রথমখন এদিনীয়াত অংশগ্রহণ কৰি ২৮ বছৰীয়া মলিনেক্সে পাঁচ অভাৰত বলিং কৰি ১৭ ৰানত এটা উইকেট দখল কৰে ৷ অৱশ্যে দ্বিতীয়খন এদিনীয়া (হোবাৰ্ট)ৰ বাবে দলৰ অংশ নহয় ।
অহা মাহৰ ৱেষ্ট ইণ্ডিজ ছিৰিজত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰতো মলিনেক্সৰ আঘাতৰ বাবে সন্দেহৰ সৃষ্টি হৈছে। ক্ৰিকেট অষ্ট্ৰেলিয়াই স্পষ্ট কৰি দিছে যে তেওঁৰ ফিটনেছ নিৰন্তৰ নিৰীক্ষণ কৰা হ’ব আৰু চিকিৎসাৰ মূল্যায়নৰ পিছতহে পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব।
শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ অধিনায়ক হিচাপে নিযুক্তি
যোৱা মাহত ছফী মলিনেক্সক অষ্ট্ৰেলিয়াৰ মহিলা দলৰ সকলো ফৰ্মেটৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। ইণ্ডিয়া ছিৰিজৰ পিছত অৱসৰ লোৱাৰ সিদ্ধান্ত লোৱা প্ৰবীণ এলিছা হিলীৰ ঠাইত তেওঁ ল’ব লাগিছিল। ভাৰতৰ বিৰুদ্ধে তিনিখন টি-২০ মেচতো মলিনেক্সে দলটোক নেতৃত্ব দিছিল আৰু তেতিয়া হিলী দলত অন্তৰ্ভুক্ত হোৱা নাছিল।
টছৰ সময়ত এলিছা হিলীয়ে কয় যে মলিনেক্সৰ আঘাতৰ খবৰটো সকলোৰে বাবে আচৰিত আৰু হতাশাজনক। আঘাতপ্ৰাপ্ত খেলুৱৈসকলৰ সৈতে দৃঢ়তাৰে থিয় দিবলৈ দলটোক আহ্বান জনায় তেওঁ।
কেৰিয়াৰত আঘাতৰ ফলত জুৰুলা হৈ পৰিছে
ছফী মলিনেক্সৰ কেৰিয়াৰত বিগত সময়ত অসংখ্য আঘাতৰ বাবে প্ৰভাৱ পৰিছিল। ভৰিৰ আঘাতৰ বাবে ২০২২ চনৰ এছেছ আৰু এদিনীয়া বিশ্বকাপত অংশ ল’ব নোৱাৰিলে। সেই বছৰতে কমনৱেলথ গেমছতো অংশ ল’ব নোৱাৰিলে। এচিএলৰ আঘাতৰ বাবে ২০২৩ চনৰ টি-২০ বিশ্বকাপত অংশ ল’ব নোৱাৰিলে। শেহতীয়াকৈ ২০২৫ চনৰ এদিনীয়া বিশ্বকাপৰ সময়ত (ভাৰত আৰু শ্ৰীলংকা) আঁঠুৰ আঘাতৰ পৰা সুস্থ হৈ উঠাৰ বাবে দলত চামিল কৰা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া