
নলবাৰী, ২৭ ফেব্ৰুৱাৰী (হি.স.): অহা ১৩ মাৰ্চত কোকৰাঝাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ কোকৰাঝাৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে কেইবাটাও প্ৰকল্পৰ শিলন্যাস কৰিব ৷ প্ৰধানমন্ত্ৰী কোকৰাঝাৰলৈ অহাৰ পুৰ্বে যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া এখন গুৰুত্ব পূৰ্ণ বৈঠক অনুষ্ঠিত হয় আজি নলবাৰী কনভেনচন চেন্টাৰত ।
এই প্ৰস্তুতি বৈঠকত বি টি চি চিফ হাগ্ৰামা মহিলাৰীৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী চৰণ বড়োকে ধৰি বি পি এফৰ কেইবাগৰাকীও এম চি এল এ উপস্থিত থাকি প্ৰধানমন্ত্ৰীৰ আগমন সন্দৰ্ভত প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে ৷ ইতিমধ্যে উক্ত সভাত প্ৰায় ডেৰ লক্ষ লোক উপস্থিত থাকিব বুলি বি টি চি চিফ হাগ্ৰামা মহিলাৰীয়ে জানিবলৈ দিয়ে ৷ আগন্তুক বিধানসভাৰ নিৰ্বাচনত বি টি চিৰ ১৫ খন আসনতে জয় লাভ কৰিব বুলিও প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে জানিবলৈ দিয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ