
বঙাইগাঁও, ২৭ ফেব্ৰুৱাৰী (হি.স.): বঙাইগাঁও জিলাৰ যোগীঘোপাত যোৱা কালি বৃহস্পতিবাৰে বিয়লি এক শোকাৱহ ঘটনা সংঘটিত হয় । যোগীঘোপাত দ্ৰুতগামী ৰে'ল কাটিলে এজন যুৱকক । নিহত যুৱকজন যোগীঘোপাৰ ভৰালকুণ্ডী দশম খণ্ড গাঁৱৰ ছফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ।
জানিব পৰামতে, ২২৫১১ উজনিমুৱা কৰমভুমি এক্সপ্ৰেছৰ খুন্দাত নিহত হয় যুৱকজন। নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আছিল কৰমভুমি এক্সপ্ৰেছ ৰে’লখন । যোগীঘোপাৰ কাবাইটাৰীত যুৱকজনক খুন্দা মাৰে ৰে'ল খনে ।যুৱকজন বজাৰ কৰি ঘৰলৈ গৈ থকা অৱস্থাত ৰে'ল লাইন পাৰ হৈ থকা অৱস্থাত খুন্দা মাৰে তীব্ৰবেগী ৰে’লখনে । ফলত ঘটনাস্থলীতে নিহত হয় যুৱকজন ।
পিছত ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ