দিল্লী আবকাৰী কেলেংকাৰীৰ চিবিআই গোচৰত দোষমুক্ত কেজৰিৱাল আৰু ছিছ’দিয়া
নতুন দিল্লী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। দিল্লী আবকাৰী কেলেংকাৰিৰ কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৱে দাখিল কৰা গোচৰত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক দোষমুক্ত কৰিলে ৰাউছ এভিনিউ আদালতে। বিশে
राऊज एवेन्यू कोर्ट, दिल्ली (फाइल फाेटाे)


নতুন দিল্লী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। দিল্লী আবকাৰী কেলেংকাৰিৰ কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৱে দাখিল কৰা গোচৰত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক দোষমুক্ত কৰিলে ৰাউছ এভিনিউ আদালতে। বিশেষ ন্যায়াধীশ জিতেন্দ্ৰ সিঙে দুয়োকে দোষমুক্ত কৰাৰ নিৰ্দেশ দিয়ে।

আদালতে কয় যে বিচাৰ বিভাগে অভিযোগ প্ৰমাণ কৰাত ব্যৰ্থ হোৱাৰ লগতে অপৰাধমূলক ষড়যন্ত্ৰৰ কোনো প্ৰমাণ পোৱা নাই। শুনানিৰ সময়ত আদালতে বাৰে বাৰে চিবিআইক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে চিবিআইৰ অভিযোগনামাক লৈ প্ৰশ্ন উত্থাপন কৰে। আদালতে উল্লেখ কৰে যে চিবিআইয়ে প্ৰদান কৰা নথি-পত্ৰ অভিযোগ পত্ৰৰ সৈতে মিল নাছিল। ১২ ফেব্ৰুৱাৰীত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ নিশ্চিত কৰাৰ ক্ষেত্ৰত আদালতে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল।

এই গোচৰৰ অভিযুক্ত হিচাপে চিবিআইয়ে কেজৰিৱাল আৰু ছিছ’দিয়াকে ধৰি ২৩জন লোকৰ নাম উল্লেখ কৰিছিল। শুনানিৰ সময়ত কেজৰিৱালে উল্লেখ কৰে যে তেওঁৰ বিৰুদ্ধে কোনো সুনিৰ্দিষ্ট প্ৰমাণ নাই। কেজৰিৱালৰ হৈ জ্যেষ্ঠ অধিবক্তা এন হৰিহৰণে কয় যে কেজৰিৱালে চৰকাৰী কৰ্তব্য পালন কৰি আছে। কেজৰিৱালে কাকো চাউথ লবীৰ পৰা ধন বিচাৰিবলৈ কোৱাৰ কোনো প্ৰমাণ পোৱা নগ’ল। হৰিহৰণে উল্লেখ কৰে যে কেজৰিৱালৰ নাম প্ৰথম তিনিখন চাৰ্জশ্বীটত নাছিল, কিন্তু চতুৰ্থ পৰিপূৰক চাৰ্জশ্বীটত নাম আছিল।

প্ৰৱৰ্তন সঞ্চালকালয়ে ২০২৪ চনৰ ২১ মাৰ্চত অৰবিন্দ কেজৰিৱালক জেৰা কৰি গ্ৰেপ্তাৰ কৰিছিল। ১০ মে’ত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে, তাৰ পিছত কেজৰিৱালে ২০২৪ চনৰ ২ জুনত আত্মসমৰ্পণ কৰে। ২০২৪ চনৰ ২৬ জুনত কেজৰিৱালক চিবিআইয়ে গ্ৰেপ্তাৰ কৰে। ইডিয়ে ২০২৪ চনৰ ১০ মে’ত ষষ্ঠ পৰিপূৰক অভিযোগনামা দাখিল কৰি ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে. কবিতা, চানপ্ৰীত সিং, দামোদৰ শৰ্মা, ৰাজকুমাৰ কুমাৰ, আৰু অৰবিন্দ সিং অভিযুক্ত হিচাপে দৰ্শোৱা হৈছিল। ২৯ মে’ত আদালতে ষষ্ঠ পৰিপূৰক অভিযোগনামা গ্ৰহণ কৰে।

২৭ আগষ্টত উচ্চতম ন্যায়ালয়ে বি আৰ এছ নেতা কে কবিতাক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। উচ্চতম ন্যায়ালয়ে ২০২৪ চনৰ ১৩ ছেপ্টেম্বৰত চিবিআই গোচৰত কেজৰিৱালক নিয়মীয়া জামিন প্ৰদান কৰিছিল।তাৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে ২০২৪ চনৰ ১২ জুলাইত ইডি গোচৰত কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande