
কামৰূপ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া সমজিলাতো মিছন বসুন্ধৰা ৩.০ৰ অধীনত মাটিৰ ম্যাদী পট্টা বিতৰণ অনুষ্ঠান । ৰঙিয়া সমজিলাত মুঠ ১০৯ টা ৰাজহুৱা অনুষ্ঠান আৰু ১৯১ গৰাকী লোকক ম্যাদী পট্টা বিতৰণ কৰা হৈছে । স্থানীয় বিধায়ক ভৱেশ কলিতা আৰু সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামীয়ে হৰদত্ত - বীৰদত্ত ভৱনত আনুষ্ঠানিক ভাৱে এই পট্টা প্ৰদান কৰে ।
এই অভিযানৰ জৰিয়তে খিলঞ্জীয়া ৰাইজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত আৰু সুনিশ্চিত হব বুলি মন্তব্য কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা