গৌৰিপুৰৰ বালাজানত ভয়ংকৰ পথ দুৰ্ঘটনা
গৌৰিপুৰৰ বালাজানত ভয়ংকৰ পথ দুৰ্ঘটনা।
গৌৰিপুৰৰ বালাজানত ভয়ংকৰ পথ দুৰ্ঘটনা


ধুবুৰী, ২৭ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰী জিলাৰ গৌৰিপুৰৰ বালাজানত যোৱা কালি বৃহস্পতিবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । পথ দুৰ্ঘটনাত আহত হয় কেইবাজনো যাত্ৰী ।

জানিব পৰামতে, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত হুণ্ডাই ভেনু বাহন আৰু অটোৰ মাজত মূখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো ঘটে । দুৰ্ঘটনা আহত যাত্ৰী সকলক ততাতৈয়াকৈ ডিএমচিএইচলৈ প্ৰেৰণ কৰা হয় । পথ দুৰ্ঘটনাত আহত সকলৰ নাম পৰিচয় জানিব পৰা হোৱা নাই । পথ দুৰ্ঘটনাত সংঘটিত কৰা ভেনু বাহন খনৰ নম্বৰ এএছ ০১ এফএন ৩৫১৮ আৰু অটো খনৰ খনৰ নম্বৰ এএছ ১৭ এচি ০১৬১ বুলি জানিব পৰা গৈছে । ইতিমধ্যে দুৰ্ঘটনাস্থলী বালাজান আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande