
গোলাঘাট, ২৭ ফেব্ৰুৱাৰী (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া কংগ্ৰেছ দলৰ সময় পৰিৱৰ্তনৰ যাত্ৰা বাহিৰ কৰা হয় । এই যাত্ৰাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি তথা সাংসদ গৌৰৱ গগৈ।লগতে উপস্থিত থাকে ৰিপুন বৰা সহ দেৰগাঁৱৰ আটাইকেইজন প্ৰাৰ্থীত্ব প্ৰত্যাশী ।
বহু সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত বিশাল সমদল বাহিৰ কৰে দলটোৱে । সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সভাপতি গৌৰৱ গগৈয়ে। বিজেপি দলটোৰ মাজতে চলি আছে হাই কাজিয়া । সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত আভ্যন্তৰীণ কাজিয়া । ইফালে ৰাইজৰ দ'লৰ লগত মিত্ৰতাৰ সম্ভাৱনা আগতেও আছিল এতিয়াও আছে বুলি দোহাৰে গৌৰৱ গগৈয়ে । বিজেপি দলৰ নিজৰে মিত্ৰতা কাৰো লগতে হোৱা নাই আৰু বহু কেইটা প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ