উন্নয়নৰ পৰা বঞ্চিত ৰঙিয়া পৌৰসভাৰ ৫ নং ৱাৰ্ড বাসী ৰাইজ
নিৰ্বাচন আহিল কিন্তু আজিলৈ উন্নয়নৰ মুখ নেদেখিলে ৰঙিয়া পৌৰসভাৰ ৫ নং ৱাৰ্ড বাসী ৰাইজে।
উন্নয়নৰ পৰা বঞ্চিত ৰঙিয়া পৌৰসভাৰ ৫ নং ৱাৰ্ড বাসী ৰাইজ


কামৰূপ, ২৭ ফেব্ৰুৱাৰী (হি.স.): নিৰ্বাচন আহিল কিন্তু আজিলৈ উন্নয়নৰ পৰা ৰঙিয়া পৌৰসভাৰ ৫ নং ৱাৰ্ড বাসী ৰাইজ বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে । বাট পথ, নলা নৰ্দমা আদি সকলোতে ৰঙিয়া পৌৰসভাৰ ৫ নম্বৰ ৱাৰ্ডবাসী পিছ পৰি আছে। প্ৰকৃতাৰ্থত নগৰ উন্নয়নৰ কোনো সা-সুবিধা লাভ কৰা নাই ৫নং ৱাৰ্ডৰ জনসাধাৰণে।

ৰঙিয়া পৌৰসভাৰ অধীনৰ এই ৱাৰ্ডটোত নাই এটাও পকী পথ। নাই নলা নৰ্দমা, নাই ষ্ট্ৰীট লাইট, নাই খোৱাপানীৰ ব্যৱস্থা । ইফালে বাট পথৰ দুৰৱস্থাৰ বাবে গাড়ী মটৰ নোসোমোৱাৰ ফলত লোক সকলে আহিবলৈ অনীহা প্ৰকাশ কৰাত অঞ্চলটোৰ বিয়াৰ বাবে উপযুক্ত ছোৱালীসকলো অবিবাহিত হৈ ৰৈছে বুলিও আক্ষেপ কৰিছে।

ৰঙিয়া নগৰ উন্নয়নৰ নামত চৰকাৰে কোটি টকা ব্যয় কৰিছে যদিও আজিলৈ উপযুক্ত সুবিধাৰ পৰা বঞ্চিত ৫নং ৱাৰ্ডবাসী। যাৰ বাবে জনপ্ৰতিনিধিৰ লগতে পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৱাৰ্ডটোৰ বাসিন্দা সকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande