
বৰপেটা, ২৭ ফেব্ৰুৱাৰী (হি.স.): দৌল মহোৎসৱক লৈ উখল মাখল হৈ পৰিছে সত্ৰ নগৰী বৰপেটা। এইবাৰ ৫ দিনীয়াকৈ বৰপেটা সত্ৰত অনুষ্ঠিত হ’ব শ্ৰী কৃষ্ণৰ এই দৌলযাত্ৰা মহোৎসৱ। অহা ২ মাৰ্চ (১৭ ফাগুন) ৰ পৰা ৬ মাৰ্চ (২১ ফাগুন) লৈ বৰপেটা সত্ৰত দৌল মহোৎসৱ আয়োজন কৰা হৈছে । ইফালে দৌলযাত্ৰা মহোৎসৱক লৈ আনন্দ-উল্লাসত মন উতনুৱা হৈ পৰিছে বৰপেটাবাসীৰ । বৰপেটা সত্ৰৰ ২২ খন হাটীৰ সৰ্বত্তে এতিয়া হোলী গীতৰ মূৰ্ছনা উঠিছে। সমান্তৰালকৈ আয়োজন কৰা হৈছে হোলী গীতৰ প্ৰতিযোগিতা।
মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত এই উৎসৱ পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব। ২ মাৰ্চৰ দিনা গোন্ধ যাত্ৰা বা বহ্নুতসৱৰ পৰা মহোৎসৱৰ আৰম্ভণি হ’ব। ৩, ৪ আৰু ৫ মাৰ্চত ভৰদৌল পালন কৰা হ’ব আৰু ৬ মাৰ্চত উদযাপন কৰা হ’ব ৰঙৰ উৎসৱ হোলী বা ফাঁকুৱা। স্থানীয় ভাষাত ইয়াক সুৱেৰী বুলি কোৱা হয়। সেই দিনা নানাৰঙী ফাকুগুড়ি ছটিয়াই হোলীগীতৰ ছন্দে ছন্দে মতলীয়া হৈ পৰিব বৰপেটাৰ আৱাল বৃদ্ধ বনিতাসকল। সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বৰপেটাৰ দৌল মহোৎসৱ উদযাপন কৰা হয়, যিয়ে অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য প্ৰতিফলিত কৰে।
ইফালে দৌলযাত্ৰা মহোৎসৱ উপলক্ষে প্ৰস্তুতি সম্পন্ন কৰিছে সত্ৰ পৰিচালনা সমিতিয়ে। ভক্তগণক আদৰাৰ লগতে নিৰাপত্তাৰো ব্যৱস্থা কটকটীয়া কৰা হৈছে। লগতে দৌল মহোৎসৱৰ প্ৰথম চাৰিদিন অৰ্থাৎ ২, ৩, ৪ আৰু ৫ মাৰ্চত দূৰ দূৰণিৰ পৰা অহা তীৰ্থ যাত্ৰীসকলক বিয়লি ৩ বজাৰ পৰা নিশা ৮ বজালৈ সিধা বিতৰণ কৰা হ’ব বুলি এইবেলি দৌল যাত্ৰা মহোৎসৱৰ সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰদীপ কুমাৰ পাঠকে জানিবলৈ দিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ