পুঞ্চত নিয়ন্ত্ৰণ ৰেখাৰ কাষত ড্ৰ’নৰ কাৰ্যকলাপ পৰ্যবেক্ষণ
পুঞ্চ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। জম্মু-কাশ্মীৰৰ পুঞ্চ ছেক্টৰৰ গুলপুৰ গাঁৱৰ ওপৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত শুকুৰবাৰে পুৱা সন্দেহজনক ড্ৰ’ন কাৰ্যকলাপ দেখা যায়। চৰকাৰী সূত্ৰৰ মতে, নিৰাপত্তা বাহিনীয়ে নিয়মীয়া চোৰাংচোৱাগিৰিৰ সময়ত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত উৰ
পুঞ্চত নিয়ন্ত্ৰণ ৰেখাৰ কাষত ড্ৰ’নৰ কাৰ্যকলাপ পৰ্যবেক্ষণ


পুঞ্চ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। জম্মু-কাশ্মীৰৰ পুঞ্চ ছেক্টৰৰ গুলপুৰ গাঁৱৰ ওপৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত শুকুৰবাৰে পুৱা সন্দেহজনক ড্ৰ’ন কাৰ্যকলাপ দেখা যায়।

চৰকাৰী সূত্ৰৰ মতে, নিৰাপত্তা বাহিনীয়ে নিয়মীয়া চোৰাংচোৱাগিৰিৰ সময়ত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত উৰি থকা এখন ড্ৰ’ন পৰ্যবেক্ষণ কৰি ইয়াক নিষ্ক্ৰিয় কৰাৰ প্ৰয়াসত প্ৰায় ১৫ৰ পৰা ২০ ৰাউণ্ড গুলীয়াইছিল। অৱশ্যে ড্ৰ’নখন ভূপাতিত কৰিব পৰা নগ’ল।

সূত্ৰই জনোৱা মতে, পিছত ড্ৰ’নখন ছিৰিয়ান গাঁৱৰ ফালে গতি কৰে আৰু তাৰ পিছত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰা বুলি জানিব পৰা গৈছে।

ইফালে সমগ্ৰ অঞ্চলটোত নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে। অৱশ্যে ড্ৰ’নখনত কেমেৰা লগোৱা আছিল নে কোনো সামগ্ৰী পেলাইছিল সেয়া জানিব পৰা হোৱা নাই।

সবিশেষ তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande