লামডিঙত হিন্দুৰ দেৱ–দেৱীক অশ্লীল ভাষাৰে গালি-গালাজ কৰা মুছলমান যুৱক আৱদ্ধ
লামডিংত বজৰং দলৰ ৰোষত এজন মুছলমান যুবক।
লামডিঙত হিন্দুৰ দেৱ–দেৱীক অশ্লীল ভাষাৰে গালি-গালাজ কৰা মুছলমান যুৱক আৱদ্ধ


হোজাই, ২৭ ফেব্ৰুৱাৰী (হি.স.): হোজাই জিলাৰ লামডিঙত হিন্দুৱে উপাসনা কৰা ভগৱান, ৰাম আৰু সীতা মাতাক লৈ সামাজিক মাধ্যমত অশ্লীল ভাষাৰে গালি -গালাজ কৰা মুছলমান যুৱকক বজৰং দলে আৱদ্ধ কৰি আৰক্ষীক গতাই দিয়ে। বাবুল হুছেইন নামৰ মুছলমান যুৱকজনে সামাজিক মাধ্যমত হিন্দু ধৰ্মৰ ভগৱান প্ৰভু শ্ৰী ৰাম আৰু সীতা মাতাক লৈ সামাজিক মাধ্যমত অশ্লীল ভাষাৰে গালি-গালাজ কৰিছিল। এই লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত বজৰং দলৰ একাংশ নেতা কৰ্মীয়ে যুৱক জনক লামডিঙত আবদ্ধ কৰে।

ইফালে মুছলমান যুৱক জনে নিজৰ ভুল স্বীকাৰ কৰি ৰাইজপ ওচৰত ক্ষমা বিছাৰিছে। খবৰ পাই তাৎক্ষনিক ভাৱে আৰক্ষী উপস্থিত হৈ ৰাম মন্দিৰৰ ওচৰৰ পৰা মুছলমান যুৱকজনক উদ্ধাৰ কৰে । আনহাতে বজৰং দলৰ নেতা অমিত পালে সেই মুছলমান যুৱক জনৰ বিৰুদ্ধে লামডিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande