
শোণিতপুৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। শোণিতপুৰৰ চাৰিদুৱাৰত অনুষ্ঠিত হৈছে নিচি জনগোষ্ঠীৰ ন্যাকুম উৎসৱ । প্ৰত্যেক বছৰৰ দৰে চাৰিদুৱাৰ অঞ্চলত বসবাস কৰা নিচি সম্প্ৰদায়ৰ লোক সকলে ফেব্ৰুৱাৰী মাহৰ ২৪,২৫,আৰু ২৬ তাৰিখে এই উৎসৱ উদযাপন কৰে। চাৰিদুৱাৰৰ ন্যাকুম খেল পথাৰত অনুষ্ঠিত কৰা হয় ৫৩ সংখ্যক ন্যাকুম উৎসৱ।
নিচি জনগোষ্ঠীয় লোক সকলেডনী- প'ল মানে সূৰ্য্য আৰু চন্দ্ৰ দেৱতাক উপসনা কৰে এই বিশেষ দিনকেইটাত। চলিত বৰ্ষতো যাতে কৃষি খেতিবাতিৰ লগতে সকলোৰে মংগল কামনাৰ উদ্দেশ্যৰে মেথোন বলিৰে উপসনা কৰা হয় ডনী- প'লক। চৰিদুৱাৰৰ বনদুৱাৰত অনুষ্ঠিত কৰা এই উৎসৱত অঞ্চলটোৰ সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই উৎসৱত অৰুণাচলৰ প্ৰদেশৰ কেইবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা