
নলবাৰী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। নলবাৰীতো বিতৰণ কৰা হল মাটিৰ পট্টা। মাটিৰ পট্টা বিতৰণ সন্দৰ্ভত আজি জিলা পুথিভঁৰালত অনুষ্ঠিত হয় এখন সভা।সভাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে পট্টা বিতৰণ কৰি দিয়া ভাষণ ডিজিটেলি শুনাৰ পিছতে নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ২১৭ গৰাকী লোক আৰু অনুষ্ঠানৰ নামত পট্টা বিতৰণ কৰা হয়।
১০০ টা পৰিয়ালৰ লগতে হৰি মন্দিৰ নলবাৰী মহাবিদ্যালয়কে ধৰি ১১৭ টা অনুষ্ঠানক পট্টা প্ৰদান কৰা হয়। মিচন বসুন্ধৰা ৩.O আঁচনিৰ অধীনত বিতৰণ কৰা হয় মাটিৰ পট্টা। আনহাতে মাটিৰ খাজনা বৃদ্ধি সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাই কলে খাজনা নামমাত্ৰ হে বৃদ্ধি কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা