বহিঃৰাজ্যত পুনৰ প্ৰাণ গ'ল মৰিগাঁৱৰ এগৰাকী চিকিৎসকৰ
মৰিগাঁও, ২৭ ফেব্ৰুৱাৰী (হি.স.)। মৰিগাঁও জিলাৰ ৰোহন কাকতি নামৰ যুৱকজনে গুৱাহাটীৰ এখন শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা ফিজিঅ''থেৰাপী বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ চিকিৎসক হিচাপে উৰিষ্যাৰ কটকৰ এখন আৱাসিক ফিজিঅ''থেৰাপী কেন্দ্ৰত দীৰ্ঘ দিন ধৰি কৰ্মৰত হৈ আছিল।
বহিঃৰাজ্যত পুনৰ প্ৰাণ গ'ল মৰিগাঁৱৰ এগৰাকী চিকিৎসকৰ


বহিঃৰাজ্যত পুনৰ প্ৰাণ গ'ল মৰিগাঁৱৰ এগৰাকী চিকিৎসকৰ


মৰিগাঁও, ২৭ ফেব্ৰুৱাৰী (হি.স.)। মৰিগাঁও জিলাৰ ৰোহন কাকতি নামৰ যুৱকজনে গুৱাহাটীৰ এখন শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা ফিজিঅ'থেৰাপী বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ চিকিৎসক হিচাপে উৰিষ্যাৰ কটকৰ এখন আৱাসিক ফিজিঅ'থেৰাপী কেন্দ্ৰত দীৰ্ঘ দিন ধৰি কৰ্মৰত হৈ আছিল।

ফিজিঅ'থেৰাপী চিকিৎসক হিচাপে কটক চহৰত সুপৰিচিত ৰোহন কাকতিয়ে বিশেষ কামৰ বাবে মৰিগাঁওস্থিত ঘৰলৈ আহিছিল যদিও পুনৰ যোৱা ২৫ ফেব্ৰুৱাৰীত বিমান যোগে কৰ্মস্থলী উৰিষ্যাৰ কটকলৈ উভতি গৈ কামত যোগদানৰ পিছতেই ২৬ ফেব্ৰুৱাৰীত বিল্ডিঙৰ পৰা পৰি ৰোহন কাকতিৰ মৃত্যু হোৱা বুলি মাক দেউতাকলৈ আহিছিল এক বিশেষ ফোন। দেউতাকৰ সৈতে পৰিয়ালৰ লোক কটকৰ কবিতা এপাৰ্টমেণ্টত উপস্থিত হোৱাৰ পিছত ৰোহন কাকতিৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ কৰি উৰিষ্যাৰ লগতে মৰিগাঁও সদৰ থানাত দাখিল কৰিছে এজাহাৰ।

বাৰে বাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক যুৱতীক বহিঃ ৰাজ্যত নিৰ্যাতন আৰু হত্যা কৰা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী প্ৰশাসনক যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অতি সোনকালেই দুখীক চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ অনুৰোধ ভুক্ত ভোগী পৰিয়ালটিৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande