
শোণিতপুৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। নদুৱাৰ সমষ্টিত আজি বসুন্ধৰা ৩.০ অধীনত প্ৰায় পাঁচশ বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে প্ৰায় ১২শ পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হয়। চতিয়াৰ নীলিমা ভৱনত এই উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাত মাটিৰ পট্টা বিতৰণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
ভূমি পট্টা বিতৰণ কৰি বিধায়ক হাজৰিকাই এইয়া বিজেপি চৰকাৰে খিলঞ্জীয়া ৰাইজৰ বাবে লোৱা ঐতিহাসিক সিদ্ধান্ত বুলি অভিহিত কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু