মণিপুৰত বিভিন্ন অভিযানত গ্ৰেপ্তাৰ ৬ উগ্ৰপন্থী
ইম্ফল, ২৭ ফেব্ৰুৱাৰী (হি.স.)। মণিপুৰৰ বিভিন্ন অঞ্চলত বিগত ২৪ ঘন্টাত চলোৱা অভিযানৰ সময়ত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ ছয়জন কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে। মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা আজি জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে বৃহস্পতিবাৰে চলোৱা
मणिपुर में विभिन्न अभियानों में गिरफ्तार छह उग्रवादी


ইম্ফল, ২৭ ফেব্ৰুৱাৰী (হি.স.)। মণিপুৰৰ বিভিন্ন অঞ্চলত বিগত ২৪ ঘন্টাত চলোৱা অভিযানৰ সময়ত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ ছয়জন কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে।

মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা আজি জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে বৃহস্পতিবাৰে চলোৱা প্ৰথমটো অভিযানত নিৰাপত্তা বাহিনীয়ে প্ৰিপাক (পি আৰ অ’)ৰ সক্ৰিয় কেডাৰ থকচোম ৰাজ সিং (২৫) ওৰফে ইবুংগোক গ্ৰেপ্তাৰ কৰে। ইম্ফল পশ্চিম জিলাৰ ঘৰী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক। তেওঁৰ পৰা জব্দ কৰে এটা মোবাইল ফোন আৰু এখন আধাৰ কাৰ্ড।

দ্বিতীয়টো অভিযানত নিৰাপত্তা বাহিনীয়ে কেচিপি (পিএছচি)ৰ সক্ৰিয় কেডাৰ পৃথ্বীৰাজ মইৰাংথেম ওৰফে ৩বি (২৬)ক গ্ৰেপ্তাৰ কৰে। ইম্ফল পূৱ জিলাৰ ইৰিলবুং থানা এলেকাৰ অন্তৰ্গত নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

তৃতীয়টো অভিযানত নিৰাপত্তা বাহিনীয়ে ইম্ফল পূৱ জিলাৰ য়াইংগাংপকপি আৰক্ষী থানাৰ অন্তৰ্গত য়াইংগাংপকপি অঞ্চলৰ পৰা আৰ পি এফ/পি এল এৰ দুজন কেডাৰক গ্ৰেপ্তাৰ কৰে। ধৃত দ্বয় থিংগম মহেঞ্জিত সিং ওৰফে আনাও (২২) আৰু ঙাংবাম ডেৰিক সিং (২০) বুলি পৰিচয় পোৱা গৈছে । তেওঁলোকৰ হাতত ৩৬ নং হেণ্ড গ্ৰেনেড, এটা ডিটনেটৰ, বিভিন্ন কেলিবাৰৰ ১০টা সজীৱ গুলী, আৰু দুটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে।

চতুৰ্থ অভিযানত নিৰাপত্তা বাহিনীয়ে এজন ধনদাবী আৰু এজন সক্ৰিয় আৰ পি এফ/পি এল এ কেডাৰ মইৰাংথেম জেনছন সিং ওৰফে আহেনবা ওৰফে নাওবি (২৬)ক গ্ৰেপ্তাৰ কৰে। ইম্ফল পূৱ জিলাৰ হাইংগাং থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক। তেওঁৰ পৰা উদ্ধাৰ হৈছে তিনিটা আৰ পি এফ/পি এল এ প্ৰতিষ্ঠা দিৱসৰ বেনাৰ আৰু দুটা মোবাইল ফোন।

পঞ্চম অভিযানত নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে লংজাম য়াইফাবা আংগম ওৰফে নানাও (৩০) নামৰ এজন সক্ৰিয় আৰ পি এফ/পি এল এ কেডাৰ। ইম্ফল পশ্চিম জিলাৰ ৱাহেং খুমান অঞ্চলত গ্ৰেপ্তাৰ কৰে তেওঁক। তেওঁৰ পৰা জব্দ কৰা হৈছে দুটা মোবাইল ফোন।

আৰক্ষীয়ে ধৃত উগ্ৰপন্থীক অহৰহ জেৰা কৰি অধিক ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাই আছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande