
ইম্ফল, ২৭ ফেব্ৰুৱাৰী (হি.স.)। মণিপুৰৰ কাকচিং আৰু ইম্ফল পূৱ জিলাত অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছে। মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে কাকচিং জিলাৰ ৱাইখং থানা এলেকাৰ অন্তৰ্গত কাকচিং খুনৌ, পামাচৌ পাহাৰীয়া ৰেঞ্জ, আৰু পামাচৌ লামখাই অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে।
উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত মূলতঃ ১০টা সজীৱ গুলীৰে ভৰ্তি এটা এ কে-৫৬ ৰাইফল, বেয়নেটৰ সৈতে ১০টা সজীৱ গুলীৰে ভৰপূৰ এটা এ কে-৫৬ ৰাইফল, দুটা এছ বি বি এল, এটা ডি বি বি এল, ৫টা সজীৱ গুলীৰে ভৰ্তি মেগজিনযুক্ত এটা .৩২ পিষ্টল, দুটা ৩৬ নং হেণ্ড গ্ৰেনেড, তিনিটা ইমালডাইন বিস্ফোৰক (ক্লাছ-২), তিনিটা ডিটনেটৰ, ২৫৬টা .৩০৩ ৰাইফল লাইভ কাৰ্টিজ, ৫.৫৬ x ৪৫ মিলিমিটাৰৰ ৪৮টা ৰাউণ্ডৰ খালী কাৰ্টিজ, তিনিটা ষ্টান শ্বেল, এটা টিয়াৰ গেছ গ্ৰেনেড, এটা বাওফেং হেণ্ডছেট, এটা কেমফ্লেজ হেলমেট আৰু এটা মানি বেগ।
ইফালে নিৰাপত্তাৰক্ষীয়ে ইম্ফল পূব জিলাৰ ইৰিলবুং থানাৰ অন্তৰ্গত লাৰৌ চিং অঞ্চলৰ পৰা এটা এ কে-৫৬ ৰাইফল, এটা .৩০৩ ৰাইফল, তিনিটা একক বেৰেল শ্বটগান, দুটা এ কে মেগজিন, দুটা এইচ ই নং ৩৬ হেণ্ড গ্ৰেনেড, ৪৬টা বিভিন্ন কেলিবাৰৰ সজীৱ গুলী, ২০টা খালী গুলী .৩০৩ ৰাইফলৰ গুলী, এটা কেনউড হেণ্ডছেট আৰু এটা এম পি ৫ হ’ল’গ্ৰাফিক চাইট উদ্ধাৰ কৰে ।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ