লিডুত সংগঠন আৰু আৰক্ষীৰ যৌথ অভিযানত অবৈধ চুলাই ঘাটি উৎখাত
তিনিচুকিয়া, ২৭ ফেব্ৰুৱাৰী (হি.স.)। লিডুত সংগঠন আৰু আৰক্ষীৰ যৌথ অভিযানত অবৈধ চুলাই ঘাটি উৎখাত । মাৰ্ঘেৰিটাৰ লিডুত অবাধ হাৰত বৃদ্ধি পাইছে চুলাইৰ ৰমৰমীয়া বেহা। চুলাইৰ বিৰুদ্ধে এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী আৰু বিভিন্ন দল সংগঠন। অসম জাতীয়তাবাদী যুৱ ছাত্
লিডুত সংগঠন আৰু আৰক্ষীৰ যৌথ অভিযানত অবৈধ চুলাই ঘাটি উৎখাত


তিনিচুকিয়া, ২৭ ফেব্ৰুৱাৰী (হি.স.)। লিডুত সংগঠন আৰু আৰক্ষীৰ যৌথ অভিযানত অবৈধ চুলাই ঘাটি উৎখাত । মাৰ্ঘেৰিটাৰ লিডুত অবাধ হাৰত বৃদ্ধি পাইছে চুলাইৰ ৰমৰমীয়া বেহা। চুলাইৰ বিৰুদ্ধে এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী আৰু বিভিন্ন দল সংগঠন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা দলে লিডুৰ পথাৰ বস্তি অঞ্চলৰ এটা অবৈধ চুলাই ঘাটিত অতৰ্কিতে অভিযান চলাই।

লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰোচন থাপাক অৱগত কৰাত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ অবৈধ চুলাই ঘাটিটো উৎখাত কৰাৰ লগতে বহু পৰিমানৰ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, বহুদিন ধৰি উক্ত স্থানত অবৈধভাৱে চুলাই মদ প্ৰস্তুত কৰি আছিল, যাৰ ফলত স্থানীয় যুৱকৰ ওপৰত বেয়া প্ৰভাৱ পৰিছিল। আৰক্ষীৰ এই তৎপৰতাক স্থানীয় ৰাইজে আদৰণি জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande