
তিনিচুকীয়া, ২৭ ফেব্ৰুৱাৰী (হি.স.): তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত উদয়পুৰত সংঘটিত হৈছে এক ভয়ানক ঘটনা। যোৱা সোমবাৰে দিন দুপৰতে সন্ধানহীন হয় এটা পৰিয়ালৰ দুগৰাকী কৈ কিশোৰী। টিকলু প্ৰজা নামৰ শ্ৰমিক গৰাকীৰ দুই কিশোৰীক এহাল শ্ৰমিক দম্পতীয়ে গোপনে লৈ উধাও হোৱাৰ অভিযোগ উঠিছে ।
উল্লেখ্য যে এহাল অচিনাকী শ্ৰমিক দম্পতী কৰ্মৰ সন্ধানত যোৱা সোমবাৰে পুৱাৰ ভাগত টিকলু প্ৰজাৰ ঘৰত উপস্থিত হয়হি। টিকলু প্ৰজাই উক্ত শ্ৰমিক দম্পতীক কৰ্ম আশ্বাস প্ৰদান কৰি নিজ কৰ্মলৈ ঘৰৰ পৰা ওলাই গৈছিল। ঘৰত কোনো নথকাৰ সুযোগ লৈ সেইদিনাই দিনৰ ২ মান বজাত ৭ বছৰীয়া আৰু ৫ বছৰীয়া কিশোৰী দুটিক গোপনে লৈ উধাও হয় শ্ৰমিক দম্পতীহাল। উক্ত বিষয়টোৰ সন্দৰ্ভত লেখাপানী থানাত এক গোচৰ দিয়ে।
ইফালে চুবুৰীয়াৰ লগতে পৰিয়ালৰ লোকে চাৰি দিন ধৰি দিনে নিশাই বিচাৰ খোচাৰ কৰাৰ পাছতো কিশোৰী দুটিক লৈ যোৱা দম্পতীহালৰ আজি পৰ্য্যন্ত কোনো সম্ভেদ পাবলৈ সক্ষম হোৱা নাই। এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি লেখাপানী আৰক্ষীয়ে গোচৰটো ৰুজু কৰি কিশোৰী দুটিৰ সন্ধান অব্যাহত ৰাখিছে। ইয়াৰ লগতে কোনো সদাশয় ব্যক্তিয়ে কিশোৰী দুটিৰ সম্ভেদ পালে ৯১০১০ ৮১৬৫০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালটিয়ে অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ