
ধেমাজি, ২৭ ফেব্ৰুৱাৰী (হি.স.)। সংহত ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
প্ৰায় ৪৯.৮৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱা অত্যাধুনিক সা-সুবিধা সম্পন্ন পাঁচমহলীয়া কাৰ্যালয়টি আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰীয়ে৷
মুখ্যমন্ত্ৰীয়ে সংহত ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰাই ভাৰ্চুৱেলী উদ্বোধন কৰে নৱনিৰ্মীত ৩.৬৫ কোটি টকাৰে নিৰ্মীত ধেমাজি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টিও ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা