শিৱসাগৰ ভটীয়াপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ৩৫ টা চোৰাং গৰু উদ্ধাৰ
শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। শিৱসাগৰ ভটীয়াপাৰাত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান। আৰক্ষীয়ে নিশ্চিত তথ্যৰ আধাৰত অভিযান চলায় ভটীয়াপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন চোৰাং গাড়ী কঢ়িয়াই অনা কন্টেইনাৰত তালাচী অভিযান চলায়। নিশা
শিৱসাগৰ ভটীয়াপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ৩৫ টা চোৰাং গৰু উদ্ধাৰ


শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। শিৱসাগৰ ভটীয়াপাৰাত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান। আৰক্ষীয়ে নিশ্চিত তথ্যৰ আধাৰত অভিযান চলায় ভটীয়াপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন চোৰাং গাড়ী কঢ়িয়াই অনা কন্টেইনাৰত তালাচী অভিযান চলায়।

নিশা কন্টেইনাৰখনত তালাচী চলায় আৰক্ষীয়ে ৩৫ টা চোৰাং গৰু উদ্ধাৰ কৰে। আৰক্ষীয়ে কন্টেইনাৰখনো জব্দ কৰে। ইফালে আৰক্ষীয়ে বাহনখনৰ চালক হেণ্ডিমেনকে ধৰি তিনিজন চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে ধৃত লোককেইজনক অধিক তথ্যৰ বাবে জেৰা চলায় থকা বুলি জানিব পৰা গৈছে। ইফালে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। ইফালে আৰক্ষীৰ এই অভিযানক স্থানীয় লোকেও প্ৰশংসা কৰে।

অনাগত সময়তো আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায় এই চক্ৰটোক কঠোৰ শাস্তি বিহাৰ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande