
কামৰূপ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। হাজো আৰক্ষীৰ জালত এটা গভাইত গৰু চোৰ। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আটক চোৰটোক। ধৃত চোৰটোৰ নাম মহিদুল ইছলাম। পাঁচ জনীয়া চোৰৰ দল এটাই দীৰ্ঘদিন ধৰি নিদ্ৰা হৰণ কৰি আহিছিল আৰক্ষীৰ।
গৰু চোৰৰ দলটোত আছিল, লাল মিয়া, ওচমান আলী, চানু আলী আৰু বুলু আলী। গৰু চোৰৰ দলটোৰ নেতৃত্বত আছিল বুলু আলী নামৰ দুধৰ্ষ চোৰ।আৰক্ষীৰ অভিযানৰ খবৰ পাই পলায়ন বাকী চাৰিটা চোৰৰ। ধৃত চোৰটোৰ পৰা উদ্ধাৰ কৰে দুখন পালচাৰ বাইকৰ লগতে চুৰি কাৰ্য্যত ব্যৱহাৰ হোৱা এখন কাটাৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা