
কামৰূপ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । অসমৰ ইতিহাসত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ২০১৬ৰ বিধানসভা নিৰ্বাচন। কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। সমষ্টি পুনৰ নিৰ্ধাৰণে ওলট পালট কৰিছে কামৰূপ মহানগৰ জিলাৰ ৰাজনৈতিক সমীকৰণ। জিলাখনত পূৰ্বতে ৪ টা বিধানসভা সমষ্টি ক্ৰমে দিছপুৰ, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু জালুকবাৰী সমষ্টি আছিল । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ ৰেহৰূপ সলনি হোৱাৰ লগতে সমষ্টিৰ সংখ্যা ৫ টালৈ বৃদ্ধি পালে । নতুনকৈ ডিমৰীয়া সমষ্টি হোৱাৰ লগতে পূব গুৱাহাটী সমষ্টি নোহোৱা হৈ নিউ গুৱাহাটী সমষ্টি হ'ল । সেইদৰে পশ্চিম গুৱাহাটী সমষ্টি নোহোৱা হৈ মধ্য (চেণ্ট্ৰেল) গুৱাহাটী সমষ্টি হ'ল । জালুকবাৰী আৰু দিশপুৰ সমষ্টিৰ নাম সলনি হোৱা নাই যদিও সীমাৰ সালসলনি হৈছে।
উল্লেখ্য যে ৩৬ নং গুৱাহাটী চেণ্ট্ৰেল সমষ্টিৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱা পৰিলক্ষিত হৈছে। পশ্চিম গুৱাহাটীৰ বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নতুনকৈ হোৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্ব পাব নে নাই সেয়াও চৰ্চাৰ বিষয় হৈ পৰিছে । মিত্রদল অগপক এইবাৰ চেণ্ট্ৰেল গুৱাহাটী বিজেপিয়ে এৰি দিব নে নাই তাক লৈ ব্যাপক চৰ্চা চলিছে । পূৰ্বৰ পশ্চিম গুৱাহাটীক ৬ বাৰকৈ প্ৰতিনিধিত্ব কৰি অহা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এইবাৰ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছে । কিন্তু মিত্রদল বিজেপিয়ে এইবাৰ সমষ্টিটো অগপক দিয়াৰ বিপৰীতে নিজা প্ৰাৰ্থী দিয়াৰ চিন্তা-চৰ্চা কৰিছে । কাৰণ বিজেপিৰ বহু সংখ্যক নেতাই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে । লক্ষণীয় বিষয় যে ২০২১ৰ নিৰ্বাচনৰ সময়ত পশ্চিম গুৱাহাটী সমষ্টিটো অগপক এৰি দিয়াত বিজেপিৰ তৃণমূলৰ কৰ্মীসকলে সমষ্টিটোৰ ঠায়ে ঠায়ে প্ৰতিবাদ কৰিছিল । এইবাৰ বিজেপিৰ কেইবাজনো নেতাই নতুনকৈ হোৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্বৰ আশাৰে তৎপৰতা আৰম্ভ কৰিছে । তেনেস্থলত অগপই চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো লাভ কৰিব নে নাই সেয়া সময়েহে ক'ব । বিজেপিয়ে আসনখন এৰি নিদিলে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা এইবাৰ টিকট লাভৰ পৰা বঞ্চিত হ'ব পাৰে ।
চেণ্ট্ৰেল গুৱাহাটীত বিজেপিৰ টিকটৰ দাবীদাৰসকলৰ ভিতৰত আছে জ্যেষ্ঠ নেতা বিজয় গুপ্তা, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, দেৱান ধ্রুৱজ্যোতি মৰল, মুকুতা ডেকা, জুৰি শৰ্মা বৰদলৈ, অশোক ভৰালী, পূৰবী ৰয়কে ধৰি কেইবাগৰাকী কাৰ্যকৰ্তা । প্রার্থিত্ব প্ৰত্যাশীসকলে ইতিমধ্যে সমষ্টিটোৰ ঠায়ে ঠায়ে সভা-সমিতি অনুষ্ঠিত কৰাৰ লগতে বাটে-ঘাটে নিজৰ সমৰ্থনত ব্যাপক হাৰত বেনাৰ পোষ্টাৰ লগাইছে ।
দীৰ্ঘদিন ধৰি ৰাজ্যিক বিজেপিৰ সংবাদ সম্পর্ক বিভাগৰ দায়িত্ব গ্ৰহণ কৰি অহা ধ্ৰুৱজ্যোতি মৰল প্ৰাৰ্থিত্ব লাভৰ দৌৰত আগবাঢ়ি থকা বুলি চৰ্চা চলিছে । অৱশ্যে মৰলৰ সমান্তৰালকৈ প্ৰাৰ্থিত্ব লাভৰ বাবে তীব্ৰ যুঁজ দিছে জ্যেষ্ঠ নেতা বিজয় গুপ্তায়ো । সমান্তৰালকৈ জুৰি শৰ্মা বৰদলৈ আৰু পূৰবী ৰয়েও জোৰদাৰ প্ৰচাৰত নামি পৰিছে ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা ৩৬ নং চেণ্ট্ৰেল গুৱাহাটী সমষ্টি পূৰ্বৰ পশ্চিম গুৱাহাটীৰ বেছিভাগ অঞ্চলক সামৰি লোৱা হৈছে । অৱশ্যে পূৰ্বৰ পশ্চিম গুৱাহাটীৰ কিছু অংশ জালুকবাৰী আৰু সম্পূৰ্ণ নতুনকৈ হোৱা ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত হৈছে । পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বেছি সংখ্যক অঞ্চলক সামৰি চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টি কৰা হৈছে যদিও সীমাৰ ব্যাপক সালসলনি হৈছে । আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিলুপ্ত হোৱা পূব গুৱাহাটী সমষ্টিৰ কিছু অংশও চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ অন্তৰ্গত হৈছে । ৩৬ নং চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিত পৌৰ নিগমৰ ১৬ টা ৱাৰ্ডৰ অংশবিশেষ সামৰি লোৱা হৈছে । সমষ্টিটোত পৌৰ নিগমৰ ১১ নং ৱাৰ্ডৰ ফটাশিল অঞ্চলৰ অংশবিশেষ, ১২ নং ৱাৰ্ডৰ মিঠা আমতল, আদিংগিৰি, ১৪ নং ৱাৰ্ডৰ ভাস্কৰ নগৰ, কালাপাহাৰ, ১৫ নং ৱাৰ্ডৰ বর্ষাপাৰা, ১৮ নং ৱাৰ্ডৰ ভৰলুমুখ অঞ্চলৰ অংশবিশেষ, ১৯ নং ৱাৰ্ডৰ মাছখোৱা, ২০ নং ৱাৰ্ডৰ বিষ্ণুপুৰ, ২১ নং ৱাৰ্ডৰ ৰিহাবাৰী, ২৩ নং ৱাৰ্ডৰ বিৰুবাৰী হিলছাইড, ২৫ নং ৱাৰ্ডৰ বিৰুবাৰী, ৰূপনগৰ অঞ্চলৰ অংশবিশেষ, ২৭ নং ৱাৰ্ডৰ ৰিহাবাৰী, নেপালী মন্দিৰৰ অংশবিশেষ, ২৮ নং ৱাৰ্ডৰ ছাত্ৰীবাৰী, আৰ্যনগৰ, ২৯ নং ৱাৰ্ডৰ ফাঁচীবজাৰ, ৩০ নং ৱাৰ্ডৰ ফাঁচীবজাৰ, পাণবজাৰ, পুলিচ ৰিজাৰ্ভৰ অংশবিশেষ, ৩১ নং ৱাৰ্ডৰ পাণবজাৰৰ ডনবস্ক'ৰ সমীপৰ অংশবিশেষ আৰু ৩২ নং ৱাৰ্ডৰ মণিপুৰীবস্তি, উলুবাৰী, ৰিহাবাৰীৰ অংশবিশেষ অন্তৰ্ভুক্ত হৈছে ।
উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা ৩৬ নং চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিত শেহতীয়া প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে ১ লাখ ৯৮ হাজাৰ ৯১ গৰাকী । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ৯৭,৮৮৫ জন, মহিলা ভোটাৰ ১,০০,২০২ গৰাকী আৰু তৃতীয় লিংগৰ ৪ গৰাকী আছে । সমষ্টিটোত পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি । আনহাতে সমষ্টিটোত ভোটকেন্দ্ৰৰ সংখ্যা ২০১ টাৰ পৰা ২১৮ টালৈ বৃদ্ধি কৰা হৈছে ।
পশ্চিম গুৱাহাটী সমষ্টিক ৬ বাৰকৈ প্ৰতিনিধিত্ব কৰিছে বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । ২০২১ৰ নিৰ্বাচনত বিজেপিৰে মিত্রতাত থাকি অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ১,৩৭,৫৩৩ টা (৬০ শতাংশ) ভোট লাভ কৰি জয়ী হৈছিল । আনহাতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে ৫৯,০৮৪ টা (২৬ শতাংশ) ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল । ১৯৮৫ চনত নিৰ্দলীয় হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ১৯৯১ চনত নতুন অসম গণ পৰিষদৰ হৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ১৯৯৬ চনত অসম গণ পৰিষদৰ হৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতা সমষ্টিটোৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় । মন কৰিবলগীয়া যে অসম আন্দোলনৰ পাছত ১৯৮৫ চনৰ পৰা একেৰাহে তিনিবাৰ বিধায়ক হোৱা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ২০০১ চনত কংগ্ৰেছৰ হেমন্ত তালুকদাৰৰ হাতত পৰাস্ত হয় । অৱশ্যে ২০০৬ চনত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পুনৰ সমষ্টিটোক প্ৰতিনিধিত্ব কৰে । ২০১১ চনত কংগ্ৰেছৰ হেমন্ত তালুকদাৰ পুনৰ নিৰ্বাচিত হৈ সমষ্টিটোৰ বিধায়ক হয় । ইয়াৰ পিছত ২০১৬ চনৰ পৰা সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । পশ্চিম গুৱাহাটী সমষ্টিৰ বিলুপ্তিৰ পাছত নতুনকৈ হোৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কেইবাগৰাকী নেতাই ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া