বিজেপিৰ চৰকাৰৰ দিনত আঁচনিৰ পিঞ্জৰাত বন্দী বৰ্তমান অসমৰ মহিলাঃগৌৰৱ গগৈ
যোৰহাট, ২৭ ফেব্ৰুৱাৰী (হি.স.)। বিজেপি চৰকাৰৰ দিনত আঁচনিৰ পিঞ্জৰাত বন্দী বৰ্তমান অসমৰ মহিলা। যোৰহাটত অনুষ্ঠিত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ এক সংবাদমেলত সাংসদ গৰাকী এইদৰে মন্তব্য আগবঢ়াই। তেও উল্লেখ কৰে যে, বিজেপি চৰকাৰৰ দিনত চৰকাৰী আচনি লাভ কৰিবলৈ হ''লে
বিজেপিৰ চৰকাৰৰ দিনত আঁচনিৰ পিঞ্জৰাত বন্দী বৰ্তমান অসমৰ মহিলাঃগৌৰৱ গগৈ


যোৰহাট, ২৭ ফেব্ৰুৱাৰী (হি.স.)। বিজেপি চৰকাৰৰ দিনত আঁচনিৰ পিঞ্জৰাত বন্দী বৰ্তমান অসমৰ মহিলা। যোৰহাটত অনুষ্ঠিত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ এক সংবাদমেলত সাংসদ গৰাকী এইদৰে মন্তব্য আগবঢ়াই। তেও উল্লেখ কৰে যে, বিজেপি চৰকাৰৰ দিনত চৰকাৰী আচনি লাভ কৰিবলৈ হ'লে অসমৰ মহিলা সকলে নিজৰ সকলো এৰিব লাগিব,ঘৰুৱা সকলো দায়িত্ব এৰিব লাগিব।

তেও কয় যে কংগ্ৰেছৰ চৰকাৰৰ দিনটো বিভিন্ন আচনি আছিল, কিন্তু কোনো চৰ্ত নাছিল। বিজেপি চৰকাৰে চৰ্ত বান্ধি দিয়ে। গাৱে গাৱে মদৰ দোকান মুকলি কৰাৰ ফলত গাও বোৰত অপৰাধ সংঘটিত হৈছে, লগতে ঘৰুৱা অশান্তি বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক নিৰ্দেশ দিয়ে যাতে আৰক্ষী কোনো ধৰনৰ এজাহাৰ নলয়,যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমত অপৰাধ নোহোৱা বুলি দেখাব পাৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande