




শোণিতপুৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। অসম চৰকাৰৰ মিছন বসুন্ধৰা ৩.০ আচঁনিৰ অধীনত আজি ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ শৈক্ষিক-সামাজিক তথা ধৰ্মীয় অনুষ্ঠানক অসম চৰকাৰে ভূমি অধিকাৰ নিশ্চিত কৰি আনুষ্ঠানিকভাৱে পট্টন আবন্তনৰ পত্ৰ প্ৰদান কৰে । এই অনুষ্ঠানৰ সমান্তৰালভাৱে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত (এল এ চি) অনুষ্ঠিত হোৱা আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ অংশ হিচাপে নিৰ্দিষ্ট স্থানসমূহত বিশিষ্ট অতিথিসকলৰ উপস্থিতিত ভূমি পট্টা আৰু আবণ্টনৰ প্ৰমাণপত্ৰ বিতৰণ কৰা হয়।
সমষ্টি পৰ্যায়ৰ অনুষ্ঠান সমূহত ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় অনুষ্ঠানৰ ধেমাজিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।
সেই অনুসৰি ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বাবে শ্বহীদ স্মাৰক উদ্যানত আয়োজিত বিতৰণ কাৰ্যসূচীত স্থানীয় বিধায়ক তথা মাননীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশোক সিংঘল ডাঙৰীয়াই উপস্থিত থাকি শোভা বঢ়ায়। মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানত ২,২৮৬টা ব্যক্তিগত পট্টা আৰু ৩৭৭টা চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানিক আবণ্টনকে ধৰি মুঠ ২,৬৬৩টা ভূমি পট্টা প্ৰদান কৰা হয়।
নদুৱাৰ বিধানসভা সমষ্টিৰ বাবে নীলিমা ভৱনত অনুষ্ঠিত এই ভূমি আবন্টন অনুষ্ঠানত মাননীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকা ডাঙৰীয়াই উপস্থিত থাকি শোভা বঢ়ায়। অনুষ্ঠানত ১১৮টা ব্যক্তিগত পট্টা আৰু ৫৯৯টা চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানিক আবণ্টনকে ধৰি মুঠ ৭১৭টা ভূমি আবন্টন পত্ৰ প্ৰদান কৰে ।
আনহাতে, তেজপুৰ বিধানসভা সমষ্টিৰ বাবে তেজপুৰৰ বেংগলী অবৈতনিক নাট্য সমাজৰ প্ৰেক্ষাগৃহত মাননীয় বিধায়ক শ্ৰী পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসৰ উপস্থিতিত ৬৩০ গৰাকীয়ে ভূমিৰ নথি-পত্ৰ লাভ কৰে, যাৰ ভিতৰত ৪২৬টা ব্যক্তিগত পট্টা আৰু ২০৪টা চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানিক আবণ্টন অন্তৰ্ভুক্ত।
উল্লেখযোগ্য যে, ১৯৪৫ চনতে গঢ় লৈ উঠা স্বায়ত্ব শাসিত দৰং মহাবিদ্যালয়ৰ লগতে তেজপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয়, তেজপুৰ চৰকাৰী শিক্ষক শিকন মহাবিদ্যালয় দৰে প্ৰাচীন অনুষ্ঠানে আজিৰ দিনটোতহে লাভ কৰিবলৈ সক্ষম হয় চৰকাৰী ভূমি পট্টনৰ আনুষ্ঠানিক প্ৰমাণ পত্ৰ অৰ্থাৎ ভূমি পট্টা ।
বৰছলা বিধানসভা সমষ্টিৰ বাবে ঠেলামৰাৰ বাপুজী ভৱনত আয়োজিত কাৰ্যসূচীত মাননীয় বিধায়ক শ্ৰী গণেশ কুমাৰ লিম্বু ডাঙৰীয়াই উপস্থিত থাকি ২,৯৪২টা ব্যক্তিগত পট্টা আৰু ৪২৩টা চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানক ভূমি আবণ্টন প্ৰমাণপত্ৰ মুঠ ৩,৩৬৫টা ভূমি আবন্টন পত্ৰ প্ৰদান কৰে ।
একেদৰে ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপৰাৰ সৰুপাতগাঁৱৰ শ্ৰী শংকৰদেৱ হাইস্কুল প্ৰেক্ষাগৃহত মাননীয় বিধায়ক শ্ৰী কৃষ্ণ কমল তাঁতীৰ উপস্থিতিত মুঠ ৪৬৬টা ইয়াৰে ৩২৯টা ব্যক্তিগত পট্টা আৰু ১৩৭টা চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানিক ভূমি আবণ্টন পত্ৰ বিতৰণ কৰা হয়।
বিভাগীয় প্ৰাপ্ত তথ্য অনুসৰি আজিৰ এই অনুষ্ঠান সমূহৰ জৰিয়তে জিলাখনত মুঠ ৭,৮৪১খন ভূমিৰ নথি-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। যাৰ ভিতৰত ৬১০১ ব্যক্তিগত আৰু ১৭৪০ চৰকাৰী - বেচৰকাৰী প্ৰতিষ্ঠানিক আবন্টন পত্ৰ অন্তৰ্ভুক্ত ।
বিধানসভা সমষ্টি পৰ্যায়ৰ কাৰ্যসূচীত নিজ নিজ সম-জিলা আয়ুক্তসকল ক্ৰমে শ্ৰীমতী দ্যোটিভা বৰা (ঢেকিয়াজুলি), শ্ৰী কমল বৰুৱা (বৰছলা), শ্ৰী মানহ কুমাৰ শইকীয়া (নদুৱাৰ) আৰু শ্ৰীমতী সাংস্কৃতি সোমানি (ৰঙাপৰা) উপস্থিত থাকে। তেওঁলোকৰ লগতে সংশ্লিষ্ট চক্ৰ বিষয়াসকল আৰু চক্ৰ কাৰ্যালয় তথা ভূমি/ৰাজহ শাখাৰ বিষয়া সকলেও অনুষ্ঠানত সমূহত উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ