
কোকৰাঝাৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.): অসম- বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত আৰম্ভ হৈছে মাছৰ ছিণ্ডিকেট।পশ্চিমবংগৰ পৰা অসমত প্ৰতিদিনে নিশাই প্ৰৱেশ কৰি আছে মাছ ভৰ্তি বলেৰো পিকআপ বাহন। ইফালে প্ৰতিখন মাছ কঢিয়াই অনা বাহনৰ পৰা তিনি হাজাৰৰ পৰা পাঁচ হাজাৰ কৈ টকা সংগ্ৰহ কৰে ছিণ্ডিকেট চক্ৰই।
উল্লেখ্য যে চিলভাৰ কাপ, মিৰ্কা, গ্লাছ কাপ আদি মাছ কঢ়িয়াই অনা বাহনৰ পৰা ছিণ্ডিকেট চক্ৰই অবৈধভাৱে ধন সংগ্ৰহ কৰি আছে । যাৰফলত বজাৰত মাছৰ দাম বৃদ্ধি পাবলৈ ধৰিছে। অভিযোগ অনুসৰি বিপিএফৰ ঘনিষ্ঠ নেতাৰ বাহিনীক ধন আদায় নিদিলে অসমত প্ৰবেশ কৰিব নোৱাৰে মাছ ভৰ্তি বাহন সমূহ। এই মাছৰ ছিণ্ডিকেট চক্ৰৰ নেপথ্যত শাসকীয় পক্ষৰ শীৰ্ষ নেতা জড়িত থকাৰো অভিযোগ উত্থাপিত হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ