ৰূপহীহাটত ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত নিহত ১
ৰূপহীহাটত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়ঙ্কৰ পৰিণতি।
ৰূপহীহাটত ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত নিহত ১


নগাঁও, ২৭ ফেব্ৰুৱাৰী (হি.স.): পবিত্ৰ ৰামজান মাহতে নগাঁও জিলাৰ ৰূপহীহাটত যোৱা কালি বৃহস্পতিবাৰে বিয়লি ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়ঙ্কৰ পৰিণতি দেখিবলৈ পোৱা যায়। এই সংঘাতত এজন লোক মৃত্যু হোৱাৰ লগতে মহিলাসহ আহত হয় আন কেইবাজনো লোক।

জানিব পৰা মতে খাটোৱালৰ হাতেম আলী আৰু মহিবুৰ ৰহমান নামৰ লোক দুজনৰ পৰিয়ালৰ মাজত ভূমি কেন্দ্ৰীক সংঘাটত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । ভূমি কেন্দ্ৰিক সংঘাতত হাতেম আলী নামৰ লোকজন নিহত হোৱাৰ লগতে আহত হয় মহিলাসহ পাঁচজনকৈ লোক। মহিবুৰ ৰহমানৰ পৰিয়ালৰ লোকৰ আক্ৰমণত মৃত্যু হয় হাতেম আলী নামৰ লোকজন। ইফালে গুৰুতৰ বাবে আহত হোৱা লোককেইজনৰ নাম ক্ৰমে ৰমজান আলী, হুছেইন আলী, মেৰাজুল হক, ইনাৰা খাতুন, আশ্বাদুল হক বুলি জনা গৈছে । আহত হোৱা লোকসকলক ৰূপহী মডেল হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ নগাঁও মেডিকেল কলেজ হস্পিতালত প্ৰেৰণ কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি যোৱা পাঁচ বছৰৰ পৰা চলি আছিল ইজ্জত আলী আৰু হুছেইন আলীৰ পৰিয়ালৰ মাজত ভূমি কেন্দ্ৰিক সংঘাত। দীর্ঘদিনীয় সংঘাতত ৰূপহীহাট আৰক্ষীক কেইবাবাৰো অৱগত কৰোৱাইছিল যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ আনিছে হুছেইন আলীৰ পৰিয়ালৰ লোকসকলে । ইজ্জত আলীৰ পৰিয়ালে ৪০-৫০ জনীয়া এটি দলবান্ধি আহি আক্ৰমণ কৰে হুছেইন আলীৰ পৰিয়ালক। হাতত চোকা অস্ত্ৰ মাৰাণাস্ত্ৰ লৈ অহাৰ অভিযোগ ইজ্জত আলীৰ পৰিয়ালৰ বিৰুদ্ধে। ইজ্জত আলীৰ পৰিয়ালৰ আক্ৰমণত হুছেইন আলীৰ পৰিয়ালৰ হাতেম আলী নামৰ লোকজনৰ লগতে পুৰুষ মহিলাসহ আহত হয় সাতজনকৈ লোক। তাৰে গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাত দুজন লোকক নগাওঁ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande