আবকাৰী নীতিৰ গোচৰত দোষমুক্ত হোৱাৰ পিছত কেজৰিৱালে কয় যে সত্য জয়ী হৈছে
নতুন দিল্লী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। আবকাৰী নীতিৰ গোচৰত আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াকে ধৰি ২৩জন অভিযুক্তক দোষমুক্ত কৰিছে দিল্লীৰ ৰাউছ এভিনিউ আদালতে। আদাল
राउज एवेन्यू कोर्ट  से आबकारी नीति मामले में बारी होने के बाद शुक्रवार को आम आदमी पार्टी के राष्ट्रीय संयोजक व पूर्व मुख्यमंत्री अरविंद केजरीवाल पत्रकारों से संबोधित करते हुए


নতুন দিল্লী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। আবকাৰী নীতিৰ গোচৰত আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াকে ধৰি ২৩জন অভিযুক্তক দোষমুক্ত কৰিছে দিল্লীৰ ৰাউছ এভিনিউ আদালতে।

আদালতৰ এই সিদ্ধান্তৰ পাছত সাংবাদিকক সম্বোধন কৰি অৰবিন্দ কেজৰিৱালে আৱেগিক হৈ পৰে আৰু কয় যে সত্যই জয়লাভ কৰিছে। তেওঁ কয়, মই দুৰ্নীতিগ্ৰস্ত নহয়। আদালতে কৈছে যে কেজৰিৱাল আৰু মনীষ চিছ'দিয়া সৎ।

সাংবাদিকক সম্বোধন কৰি ছিছ’ডিয়াই কয় যে, আমি আকৌ এবাৰ আমাৰ সংবিধান আৰু আমাক এনে সংবিধান দিয়া বি.আৰ. আম্বেদকাৰৰ বাবে গৌৰৱান্বিত। সত্যই আকৌ এবাৰ জয়ী হৈছে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে সত্যই সদায় জয়ী হয়। সুৰা কেলেংকাৰীৰ গোচৰত দিল্লীৰ আদালতে দোষমুক্ত কৰিলে আপৰ চুপ্ৰেমো অৰবিন্দ কেজৰিৱাল আৰু দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক। আদালতৰ এই সিদ্ধান্তই সত্য পোহৰলৈ আনিছে। সময়ৰ লগে লগে বাকী সকলো ক্ষেত্ৰতে সত্যও পোহৰলৈ আহিব।

আপৰ সাংসদ সঞ্জয় সিঙে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে আমাৰ নেতাসকলক আদালতে দোষমুক্ত কৰাটোৱে প্ৰমাণ কৰে যে কেজৰিৱাল আৰু ছিছ’দিয়াক বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা দেশৰ ক্ষমতাক এজন বিপজ্জনক ষড়যন্ত্ৰকাৰীয়ে নিয়ন্ত্ৰণ কৰি আছে।

কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে কয় যে তেওঁ সমগ্ৰ জীৱন সম্পূৰ্ণ সততাৰে কটায়, তেওঁৰ একমাত্ৰ লক্ষ্য ভাৰতৰ অগ্ৰগতি প্ৰত্য়ক্ষ কৰা। কিন্তু ক্ষমতাৰ লোভত পৰিচালিত এই লোকসকলে আমাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছিল, কেজৰিৱাল আৰু তেওঁৰ সহযোগীসকলক বদনাম আৰু হাৰাশাস্তি কৰিছিল। এই কঠিন সময়ত আমাক সহায় কৰা সকলক ধন্যবাদ জনাইছো ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande