
জ্য়েষ্ঠ নেতা অটুল বৰাৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি
গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । অসমৰ ইতিহাসত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব ২০১৬ৰ বিধানসভা নিৰ্বাচন। কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। সন্মানীয় দিশপুৰ সমষ্টিটো চলিছে নিৰ্বাচনী বতাহ। পাঁচবাৰকৈ প্ৰতিনিধিত্ব কৰা অটুল বৰাই এইবাৰো সমষ্টিটোত শেষ হাঁহি মাৰিব পাৰিবনে সেয়া সম্প্ৰতি এক লাখ টকীয়া প্ৰশ্ন।
উল্লেখ্য যে ১৯৭৩ চনৰ ১৬ মাৰ্চত দিছপুৰত অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ লগে লগে দিছপুৰ অসমৰ বিধানসভাৰ কেন্দ্ৰবিন্দু হৈ পৰে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত দিছপুৰ সমষ্টিৰ সীমাৰ ব্যাপক সালসলনি হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণে দিশপুৰ সমষ্টিত প্ৰভাৱ পেলাইছে। পূৰ্বে দিশপুৰ সমষ্টিত আছিল প্ৰায় ৪ লাখ ৬ হেজাৰ ভোটাৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত দিশপুৰ সমষ্টিক দুটা ভাগত বিভক্ত কৰা হয়। সৃষ্টি কৰা হয় ৩৩ নং দিশপুৰ আৰু ৩৪ নং ডিমৰীয়া সমষ্টি। বৰ্তমান দিশপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা প্ৰায় ২ লাখ ৪৯ হেজাৰ গৰাকী। পূৰ্বৰ পশ্চিম গুৱাহাটী আৰু পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বহু অঞ্চল এতিয়া দিছপুৰ সমষ্টিৰ অন্তৰ্গত । সেইদৰে দিছপুৰ সমষ্টিৰ পূৰ্বৰ বহু অঞ্চল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ হোৱা ডিমৰীয়া বিধানসভা সমষ্টিত অন্তৰ্গত হৈছে । নতুনকৈ সীমা নিৰ্ধাৰণেৰে গঠিত দিছপুৰ সমষ্টিত পৌৰ নিগমৰ ১৩ টা ৱাৰ্ডক সামৰি লোৱা হৈছে । পূৰ্বৰ পশ্চিম গুৱাহাটীৰ বহু অঞ্চল অন্তৰ্ভুক্ত হৈছে দিছপুৰ সমষ্টিত। যাৰ ভিতৰত দক্ষিণ গাঁও সোণাইঘূলি অঞ্চল অন্যতম। পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ ২২, ২৪, ২৫ নম্বৰ ৱাৰ্ড এইবাৰ দিশপুৰ সমষ্টিত অন্তৰ্ভূক্ত হৈছে। লগতে পূৱ গুৱাহাটী সমষ্টিৰ ২৬, ২৮, ৪০ আৰু ৩৯ নং ৱাৰ্ডৰ কিছু অংশ দিশপুৰত সন্নিবিষ্ট কৰা হৈছে। মুঠ ১৩ টা ৱাৰ্ডৰে গঠিত দিশপুৰ এতিয়া সম্পূৰ্ণৰূপে নগৰীয়া সমষ্টি। ৩৩ নং দিছপুৰ বিধানসভা সমষ্টি গুৱাহাটী পৌৰ নিগমৰ ১৬ নং ৱাৰ্ডৰ লালগণেশ, ওদালবাক্ৰা, জ্যোতিকুছি, ১৭ নং ৱাৰ্ডৰ সাউকুছি, ২২ নং ৱাৰ্ডৰ লুটুমা, কাহিলীপাৰা পাৱাৰ হাউছ, ২৪ নং ৱাৰ্ডৰ উদয়াচল, গণেশগুৰি, ২৬ নং ৱাৰ্ডৰ শ্ৰীমন্তপুৰ, ৪৩ নং ৱাৰ্ডৰ খ্ৰীষ্টানবস্তি, আনন্দনগৰ, ৪৪ নং ৱাৰ্ডৰ চিৰিয়াখানা, জাপৰিগোগৰ অংশবিশেষ, ৫৫ নং ৱাৰ্ডৰ বেলতলা, ছার্ভে, ৰুক্মিণীগাঁও, ৫৬ নং ৱাৰ্ডৰ বশিষ্ঠ, লতাকটা, ৫৭নং ৱাৰ্ডৰ ভেটাপাৰা, বশিষ্ঠ, ঘোঁৰামাৰা, ৫৮ নং ৱাৰ্ডৰ বেলতলা অঞ্চল, ৫৯ নং ৱাৰ্ডৰ কাহিলীপাৰা, হাতীগাঁও আৰু ৬০ নং ৱাৰ্ডৰ হাতীগাঁও, ভেটাপাৰাৰ বিস্তীর্ণ অঞ্চল অন্তর্ভুক্ত হৈছে ।
ভোটাৰ তালিকা অনুসৰি দিছপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৪৩,১৭৬ গৰাকী । ইয়াৰে ১,১৭,০২৭ জন পুৰুষ, ১,২৬,১৩৭ গৰাকী মহিলা আৰু ১২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । সমষ্টিটোত পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি । সমষ্টিটোত ভোটকেন্দ্ৰৰ সংখ্যা পূৰ্বৰ ২৪৯ টাৰ পৰা ২৭২ টালৈ বৃদ্ধি কৰা হৈছে । দিছপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক বিজেপিৰ অটুল বৰা । ২০১৬ চনৰ পৰা অটুল বৰাই একেলেথাৰীয়ে সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে । ২০২১ৰ নিৰ্বাচনত অতুল বৰাই ১,৯৬,০৪৩ টা ভোট লাভ কৰি জয়ী হৈছিল । আনহাতে ৭৪,৩৮৬ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল কংগ্ৰেছৰ মনজিৎ মহন্ত । আনহাতে ২০১৬ চনৰ নিৰ্বাচনত অতুল বৰাই কংগ্ৰেছৰ প্ৰভাৱশালী নেতা অকন বৰাক পৰাস্ত কৰিছিল । উল্লেখ্য় যে অসম আন্দোলনৰ নেতা অতুল বৰাই ১৯৮৫ চনত নিৰ্দলীয় হিচাপে আৰু ১৯৯১ চনত আৰু ১৯৯৬ চনত অগপৰ হৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল । ইয়াৰ পিছত ২০০১ চনত কংগ্ৰেছৰ ৰবীন বৰদলৈয়ে প্ৰতিনিধিত্ব কৰে । আনহাতে ২০০৬ চনত আৰু ২০১১ চনত দিছপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰে কংগ্ৰেছৰ অকন বৰাই ।
উল্লেখ্য যে ৰাজ্যৰ অন্যতম সন্মানীয় দিছপুৰ সমষ্টিত এইবাৰ বৰ্তমানৰ বিধায়ক অটুল বৰাৰ সমান্তৰালকৈ প্রার্থিত্ব বিচাৰি কুচকাৱাজ অব্যাহত ৰাখিছে ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন উপ-সভাপতি জয়ন্ত দাসৰ লগতে মানস বৰা, ৰঞ্জিত মজুমদাৰ, জয়ন্ত ডেকা, জানকী খাউণ্ড, উমি ডেকা বৰুৱা, কংকণা গোস্বামী, আশিস ভৰালী প্ৰমুখ্যে নেতা আৰু বিষয়ববীয়াসকলে । ইফালে প্ৰাৰ্থিত্ব বিচাৰি জয়ন্ত দাসে বাজপেয়ী ভৱনত আবেদনো কৰিছে । সমষ্টিটোত প্রার্থিত্ব প্রত্যাশীসকলে ইতিমধ্যে ভোটাৰৰ মাজলৈ গৈ সভা-সমিতি আদি অনুষ্ঠিত কৰি ৰাইজৰ পৰা সমৰ্থন আদায় কৰাৰ বাবে অঘোষিত প্রতিযোগিতাত নামিছে । বিশেষকৈ জয়ন্ত দাস আৰু মানস বৰাই যুদ্ধংদেহিভাৱে নামিছে ৰণক্ষেত্ৰত । প্রার্থিত্ব প্রত্যাশীসকলে এইদৰে অটুল বৰাৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলেও অৱশ্যে অন্তিম মুহূৰ্তত কাৰ ভাগ্য উদয় হয় সেয়া হ'ব বিশেষভাৱে লক্ষণীয় ।
हिन्दुस्थान समाचार / অৰৱিন্দ