বিধানসভা নিৰ্বাচনঃ নতুনকৈ হোৱা ৩৪ নং ডিমৰীয়া সমষ্টিত নিৰ্বাচনী কুচকাৱাজ
কামৰূপ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । অসমৰ ইতিহাসত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ২০১৬ৰ বিধানসভা নিৰ্বাচন। কিয়নো সমষ
বিধানসভা নিৰ্বাচন


কামৰূপ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । অসমৰ ইতিহাসত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ২০১৬ৰ বিধানসভা নিৰ্বাচন। কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। সমষ্টি পুনৰ নিৰ্ধাৰণত বহু সমষ্টিৰ বিলুপ্তি ঘটাৰ লগতে কেইবাটাও নতুন সমষ্টি কৰা হৈছে । কামৰূপ মহানগৰ জিলাত পূৰ্বতে ৪ টা বিধানসভা সমষ্টি ক্ৰমে দিছপুৰ, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু জালুকবাৰী সমষ্টি আছিল । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ ৰেহৰূপ সলনি হোৱাৰ লগতে জিলাখনত সমষ্টিৰ সংখ্যা ৫ টালৈ বৃদ্ধি পালে। এই প্ৰক্ৰিয়াত পুৰণি 'পূব গুৱাহাটী' আৰু 'পশ্চিম গুৱাহাটী' সমষ্টি বিলুপ্ত কৰি তাৰ ঠাইত 'নিউ গুৱাহাটী' আৰু 'গুৱাহাটী চেণ্ট্ৰেল' গঠন কৰা হৈছে । এই নতুনকৈ সংযোজিত হোৱা পঞ্চমটো সমষ্টি হৈছে ৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টি । নতুনকৈ সৃষ্টি কৰা ডিমৰীয়া সমষ্টি সমষ্টিটো অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ।

ডিমৰীয়া সমষ্টিটো মূলতঃ পূৰ্বৰ দিছপুৰ সমষ্টিৰ এক বৃহৎ অংশ কাটি আনি গঠন কৰা হৈছে । ৩৪ নং সমষ্টিটো অনুসূচীত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে । গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত নৱগঠিত ৩৪নং ডিমৰীয়া (এছ চি) সমষ্টিত গুৱাহাটী পৌৰ নিগমৰ একাংশ ৱাৰ্ডৰ লগতে চহৰৰ পাৰ্শ্বৱৰ্তী উন্নয়ন খণ্ডসমূহো অন্তৰ্ভুক্ত কৰা হৈছে । পৌৰ নিগমৰ এলেকাৰ ভিতৰত ৪৬নং ৱাৰ্ড (নুনমাটিৰ অংশবিশেষ), ৪৯নং ৱাৰ্ড (মঠঘৰীয়া, গীতানগৰ, পাথৰকুৱেৰীৰ অংশবিশেষ) আৰু ৫২নং ৱাৰ্ড (ডাউন টাউন, দ্বাৰকা নগৰৰ অংশবিশেষ) সামৰি লোৱা হৈছে। একেদৰে চন্দ্ৰপুৰ উন্নয়ন খণ্ড, ডিমৰীয়া উন্নয়ন খণ্ড আৰু নাৰেংগী উন্নয়ন খণ্ডৰ অংশবিশেষ তথা বহুকেইখন গাঁও পঞ্চায়তক সামৰি এই বৃহৎ সমষ্টিটো গঠন কৰা হৈছে ।

ইফালে নৱগঠিত ডিমৰীয়া সমষ্টিটো মিত্ৰতাৰ ভিত্তিত অগপক প্ৰদান কৰিলে সমষ্টিটোত প্রার্থিত্ব লাভৰ সম্ভাৱনা আছে আঞ্চলিক দলটোৰ যুৱনেতা তথা অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ড৹ তপন কুমাৰ দাসৰ । ড৹ তপন কুমাৰ দাসে ইতিমধ্যে ডিমৰীয়াৰ চুকে-কোণে ব্যাপক নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে । অৱশ্যে ডিমৰীয়াত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলেও নিজৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । বিজেপিৰ প্রার্থিত্ব প্ৰত্যাশীৰ তালিকাত আছে নৱাৰুণ মেধি, বিজয় পাঠক, সুজিত বিশ্বাস, দিব্যজ্যোতি মেধিকে প্রমুখ্যে কেইবাগৰাকী নেতা । প্রার্থিত্বক লৈ গেৰুৱা দলটোৰ মজিয়াত এইদৰেই এতিয়া বিৰাজ কৰিছে অভাৱনীয় তৎপৰতা । অৱশ্যে শেষ মুহূৰ্তত শাসকীয় দলটোৰ কোনে প্ৰাৰ্থিত্ব লাভ কৰে সেয়া সময়েহে ক'ব যদিও বৰ্তমান প্রার্থিত্ব প্ৰত্যাশীৰ কুচকাৱাজ যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে ।

নতুনকৈ হোৱা অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ডিমৰীয়া সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,১৬,৯৪৯ গৰাকী । ইয়াৰে ১,০৫,৩৮৪ জন পুৰুষ, ১,১১,৫৫৯ গৰাকী মহিলা আৰু ৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । ডিমৰীয়া সমষ্টিটো পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি । সমষ্টিটোৰ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২৬২ টা ।

নৱগঠিত সমষ্টিটোত স্থানীয় প্ৰাৰ্থীৰ দাবী জনাইছে ভোটাৰ সকলে। প্ৰায় সংখ্যক ভোটাৰে এইবাৰ এজন ডিমৰীয়া অঞ্চলৰ স্থানীয় প্ৰাৰ্থীৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । পূৰ্বে দিছপুৰ সমষ্টিৰ অধীনত থাকোতে স্থানীয় সমস্যাসমূহৰ সঠিক সমাধান নোহোৱাৰ অভিযোগ উত্থাপন কৰি একাংশ ভোটাৰে কয় যে তেওঁলোকে এজন স্থানীয় প্ৰতিনিধিক অগ্ৰাধিকিৰ দিব যিজনক সহজে ঢুকি পোৱা যায় আৰু তেওঁ অঞ্চলটোৰ সমস্যাসমূহ ভালদৰে বুজি পায়। ইফালে সমষ্টিটোৰ সংৰক্ষণক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেণ ইংতিয়ে কয় যে সমষ্টিটো জনজাতীয় (এছটি) লোকেৰে ভৰপূৰ হোৱা স্বত্বেও ইয়াক অনুসূচীত জাতি (এছচি)ৰ বাবে সংৰক্ষিত কৰাত একাংশ ৰাইজৰ মাজত আক্ষেপ আছে । এইবেলি নিৰ্বাচনত জনজাতীয় ভোটাৰে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande