ডিফু কেন্সাৰ কেয়াৰ হস্পিতালত স্থানীয় লোকৰ চাকৰিৰ দাবীত ব্যাপক প্ৰতিবাদ
কাৰ্বি আংলং, ২৭ ফেব্ৰুৱাৰী (হি.স.)। ডিফু কেন্সাৰ কেয়াৰ হস্পিতালত স্থানীয় লোকৰ চাকৰিৰ দাবীত ডিফুত ব্যাপক প্ৰতিবাদ l আজি কাৰ্বি আংলং জিলাৰ ডিফু কাছা ষ্টেডিয়ামৰ গেটৰ সন্মুখত এক ব্যাপক গণ প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত হয় । উক্ত প্ৰতিবাদ কা
ডিফু কেন্সাৰ কেয়াৰ হস্পিতালত স্থানীয় লোকৰ চাকৰিৰ দাবীত ব্যাপক প্ৰতিবাদ


কাৰ্বি আংলং, ২৭ ফেব্ৰুৱাৰী (হি.স.)। ডিফু কেন্সাৰ কেয়াৰ হস্পিতালত স্থানীয় লোকৰ চাকৰিৰ দাবীত ডিফুত ব্যাপক প্ৰতিবাদ l

আজি কাৰ্বি আংলং জিলাৰ ডিফু কাছা ষ্টেডিয়ামৰ গেটৰ সন্মুখত এক ব্যাপক গণ প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত হয় । উক্ত প্ৰতিবাদ কাৰ্যসূচীত Karbi Students’ Association (KSA), Karbi Students and Youth Council (KSYC), Karbi Anglong Women Justice Forum (KAWJF), Indigenous People’s Party (IPP), জিলা কংগ্ৰেছকে ধৰি বিভিন্ন সংগঠনে যৌথভাৱে অংশগ্ৰহণ কৰে ।

প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে যে ডিফু কেন্সাৰ কেয়াৰ হস্পিতালত চাকৰিৰ ক্ষেত্ৰত পূব আৰু পশ্চিম কাৰ্বি আংলঙৰ খিলঞ্জীয়া লোক সকলক উপযুক্ত সুযোগ প্ৰদান কৰা হোৱা নাই । তেওঁলোকৰ মতে, চৰকাৰে সীমিত স্থানতহে নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰাৰ ফলত বহু স্থানীয় যোগ্য প্ৰাৰ্থী এই নিয়োগ প্ৰক্ৰিয়াৰ বিষয়ে অৱগত হ’ব নোৱাৰিলে । লগতে কয় যে ডিফু কেন্সাৰ কেয়াৰ হাস্পতালত কাৰ্বি আংলঙৰ খিলঞ্জীয়া লোক সকলক শতভাগ চাকৰিৰ সুবিধা প্ৰদান কৰিব লাগিব । অন্যথা আগন্তুক দিনত আন্দোলন অধিক তীব্ৰতৰ কৰা হ’ব ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande