'হোৱাইট লোটাছ ৪'ত নাথাকিব দীপিকা পাডুকন
অভিনেত্ৰী দীপিকা পাডুকনক লৈ আন এক চাঞ্চল্যকৰ খবৰ ওলাইছে। ইয়াৰ পূৰ্বে বহু প্ৰত্যাশিত ছবি ‘কল্কি ২’ আৰু ‘স্পিৰিট’ৰ পৰা বাদ দিয়াৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল তেওঁ। এতিয়া খবৰ আহিছে যে আন্তঃৰাষ্ট্ৰীয় ধাৰাবাহিক ‘দ্য হোৱাইট লোটাছ ছিজন ৪’তো কাম কৰিব
दीपिका पादुकोण - फोटो सोर्स एक्स


অভিনেত্ৰী দীপিকা পাডুকনক লৈ আন এক চাঞ্চল্যকৰ খবৰ ওলাইছে। ইয়াৰ পূৰ্বে বহু প্ৰত্যাশিত ছবি ‘কল্কি ২’ আৰু ‘স্পিৰিট’ৰ পৰা বাদ দিয়াৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল তেওঁ। এতিয়া খবৰ আহিছে যে আন্তঃৰাষ্ট্ৰীয় ধাৰাবাহিক ‘দ্য হোৱাইট লোটাছ ছিজন ৪’তো কাম কৰিবলৈ অস্বীকাৰ কৰিছে।

খবৰ অনুসৰি ধাৰাবাহিকখনৰ প্ৰযোজকসকলে দীপিকাৰ সৈতে যোগাযোগ কৰি অডিচন দিবলৈ কয়। অভিনেত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে, যাৰ ফলত তেওঁ সুযোগ হেৰুৱাই পেলায়।

খবৰ অনুসৰি ‘দ্য হোৱাইট লোটাছ’ৰ কাষ্টিং প্ৰক্ৰিয়াত অডিচন বাধ্যতামূলক আছিল। প্ৰযোজকসকলে যিকোনো অভিনেতাক চূড়ান্ত কৰাৰ পূৰ্বে অডিচন ল’ব বিচাৰিছিল। সূত্ৰ অনুসৰি দীপিকাই এই প্ৰক্ৰিয়াটো পাৰ কৰিবলৈ অনিচ্ছুক আছিল, যাৰ বাবে তেওঁ এই প্ৰকল্পৰ অংশ হ’ব পৰা নাছিল।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে প্ৰযোজকসকলে তৃতীয় ছিজনৰ বাবে তেওঁৰ সৈতে যোগাযোগ কৰিছিল যদিও গৰ্ভাৱস্থাৰ বাবে তেওঁ এই প্ৰস্তাৱ গ্ৰহণ কৰিব পৰা নাছিল। কৰ্মক্ষেত্ৰত দীপিকাক শেষবাৰৰ বাবে দেখা গৈছিল কল্কী ২৮৯৮ খ্ৰীষ্টাব্দত। অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁৰ পৰৱৰ্তী ছবিখন।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande