বিগত ৯ বছৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিধন হোৱা নাই এটাও গঁড়
দৰং, ২৭ ফেব্ৰুৱাৰী (হি.স.)। বিগত ৯ বছৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিধন হোৱা নাই এটা গঁড়৷ বনকৰ্মী সকলৰ তীক্ষ্ণ নজৰত উদ্যানত প্ৰৱেশ কৰিবলৈ ব্যৰ্থ চোৰাংচিকাৰী। এসময়ত আন্ত:ৰাজ্যিক চোৰাং চিকাৰীৰ বাবে ৰম্যভূমিত পৰিণত হোৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়া চ
বিগত ৯ বছৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিধন হোৱা নাই এটাও গঁড়


দৰং, ২৭ ফেব্ৰুৱাৰী (হি.স.)। বিগত ৯ বছৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিধন হোৱা নাই এটা গঁড়৷ বনকৰ্মী সকলৰ তীক্ষ্ণ নজৰত উদ্যানত প্ৰৱেশ কৰিবলৈ ব্যৰ্থ চোৰাংচিকাৰী।

এসময়ত আন্ত:ৰাজ্যিক চোৰাং চিকাৰীৰ বাবে ৰম্যভূমিত পৰিণত হোৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়া চোৰাং চিকাৰীৰ প্ৰৱেশ একপ্ৰকাৰ বন্ধ হৈ পৰিছে৷ এসময়ত উদ্যানখনত সংঘটিত দৈণিক গড়ঁ হত্যাৰ বাতৰিয়ে ৰাজ্যখনত তোলপাৰ লগাই থকা উদ্যানখনত এতিয়া নাই পূৰ্বৰ দৰে চোৰাং চিকাৰীৰ দপদপনি৷ উদ্যান কৰ্তৃপক্ষৰ লগতে উদ্যানখনৰ বনকৰ্মী সকলৰ দিনে নিশা তীক্ষ্ণ পহৰাত একপ্ৰকাৰ ব্যৰ্থ হৈছে চোৰাংচিকাৰী৷ ২০১৭ চনৰ পৰা বৰ্তমানলৈ উদ্যানখনত এটাও গঁড় নিধন হোৱা নাই ৷

উদ্যানখনৰ বিভিন্ন শিবিৰত থকা বনৰক্ষী সকলে যথেষ্ট কষ্ট কৰি নিজৰ দায়িত্ব পালন কৰি থকা বাবেই বিগত ৯ বছৰত চোৰাং চিকাৰীয়ে এটাও গঁড় হত্যা কৰিবলৈ সক্ষম হোৱা নাই৷ বৰ্তমান প্ৰায় ১২৫ টা গঁড় আৰু ২৪ টা বাঘ থকা মিনি কাজিৰঙা বুলি জনাজাত উদ্যানখনলৈ প্ৰাকৃতিক সৌন্দৰ্য আৰু বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ লগতে জীৱজন্ত চাবলৈ পূৰ্বতকৈ অধিক পৰ্যটক উদ্যানখনলৈ আহিছে বুলি জানিব দিয়ে উদ্যানখনৰ আঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকা৷ চৰকাৰে পৰ্যটক সকলৰ সুবিধাৰ বাবে আৰু বাটপথবোৰত অধিক গুৰুত্ব দিলে প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটক সকলৰ বাবে অধিক আকৰ্ষণ হৈ পৰিব৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande