বিগত চাৰি মাহৰ পৰা চিকিৎসক নোহোৱাকৈ চলিছে দৰঙৰ চৰাঞ্চলৰ শ্যামপুৰ প্ৰাথমিক চিকিৎসালয়
দৰং, ২৭ ফেব্ৰুৱাৰী (হি.স.)। বিগত চাৰি মাহৰ পৰা চিকিৎসক নোহোৱাকৈ চলিছে দৰঙৰ চৰাঞ্চলৰ শ্যামপুৰ প্ৰাথমিক চিকিৎসালয়৷ চৰকাৰে চিকিৎসা সেৱাৰ নামত ঢাক ঢোল বজাই যিমানেই স্বাস্থ্য সেৱাৰ উন্নয়ণৰ প্ৰচাৰ নকৰক কিয় দৰঙৰ চৰাঞ্চলত চিকিৎসা সেৱাৰ নামত চলিছে ভেকোঁভাও
বিগত চাৰি মাহৰ পৰা চিকিৎসক নোহোৱাকৈ চলিছে দৰঙৰ চৰাঞ্চলৰ শ্যামপুৰ প্ৰাথমিক চিকিৎসালয়


দৰং, ২৭ ফেব্ৰুৱাৰী (হি.স.)। বিগত চাৰি মাহৰ পৰা চিকিৎসক নোহোৱাকৈ চলিছে দৰঙৰ চৰাঞ্চলৰ শ্যামপুৰ প্ৰাথমিক চিকিৎসালয়৷

চৰকাৰে চিকিৎসা সেৱাৰ নামত ঢাক ঢোল বজাই যিমানেই স্বাস্থ্য সেৱাৰ উন্নয়ণৰ প্ৰচাৰ নকৰক কিয় দৰঙৰ চৰাঞ্চলত চিকিৎসা সেৱাৰ নামত চলিছে ভেকোঁভাওনা৷ এদিন দুদিন নহয়, একেৰাহে চাৰি মাহৰ পৰা কোনো চিকিৎসক নোহোৱাকৈ চলি আছে চৰাঞ্চলত থকা এখন চিকিৎসালয়৷ যোৱা চাৰি মাহৰ পৰা কোনো স্থায়ী চিকিৎসক নথকাত দুৰ্ভোগ ভুগিছে ৰাইজ৷ চিকিৎসালয় খনত লেৱৰেটৰীৰ সকলো সা-সৰঞ্জাম আছে সুবিধা কিন্ত লেৱৰেটৰি টেকনিচিয়ান নাই, ঔষধপাতি আছে কিন্ত চিকিৎসক নাই৷ ফলত ফাৰ্মাচিষ্ট আৰু এগৰাকী নাৰ্চৰ ওপৰতেই নিৰ্ভৰশীল বৃহৎ অঞ্চলৰ চিকিৎসা সেৱা৷ বৰ্তমান মন্ত্ৰী বিধায়ক সকল নিৰ্বাচনী ৰাজনীতিত ব্যস্ত হৈ থকাৰ সময়তে এগৰাকী চিকিৎসকৰ অভাৱত হাহাকাৰ কৰিব লগীয়া হৈছে অঞ্চলটোৰ ৰাইজ৷ এনেদৰেই চলিছে শ্যামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ৷

স্থানীয় ৰাইজে এই সন্দৰ্ভত বিভিন্ন মহলত অভিযোগ কৰিছে যদিও আজিলৈ চিকিৎসক নোহোৱাকৈ চলিছে এই চিকিৎসালয়৷ এগৰাকী এ এন এম নাৰ্চ, আৰু ফাৰ্মাচিষ্টে চলাইছে চিকিৎসালয়খন৷ ফাৰ্মাচিষ্টে সাধাৰন বেমাৰ আজাৰৰ দৰৱ দিয়ে যদিও জটিল কোনো চিকিৎসা কৰাব হলে ৰোগীসকলে খাৰুপেটীয়া অথবা মংগলদৈলৈ যাব লগীয়া হয়৷ দলগাঁও সমষ্টিৰ প্ৰায় ২৫ হেজাৰ চৰাঞ্চলৰ ৰাইজৰ সুবিধাৰ বাবে থকা একমাত্ৰ চিকিৎসালয় খনত বিগত চাৰি মাহৰ পৰা এজন চিকিৎসক নোহোৱাকৈ চলাই থকা বিষয়টোত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীৰ লগতে জিলা আয়ুক্ত গৰাকীয়ে কিয় গুৰুত্ব দিয়া নাই সেয়াহে ডাঙৰ প্ৰশ্ন৷ চিকিৎসালয় খনত অতি শীঘ্ৰে চিকিৎসক এগৰাকীক নিয়োগ কৰিবলৈ অঞ্চলটোৰ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande