টি-২০ বিশ্বকাপৰ মাজতে ৰিংকু সিঙৰ কৰ্কট ৰোগত আক্ৰান্ত পিতৃৰ মৃত্যু
যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু নতুন দিল্লী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন ৰিংকু সিঙৰ পিতৃ খাচন্দ্ৰ সিঙৰ ষ্টেজ-৪ লিভাৰ কেন্সাৰৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত আজি পুৱা প্ৰায় ৪:৩৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে। যোৱা কিছুদিনত স
পিতৃ খাচন্দ্ৰ সিঙৰ সৈতে ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন ৰিংকু সিং।


যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু

নতুন দিল্লী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন ৰিংকু সিঙৰ পিতৃ খাচন্দ্ৰ সিঙৰ ষ্টেজ-৪ লিভাৰ কেন্সাৰৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত আজি পুৱা প্ৰায় ৪:৩৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে। যোৱা কিছুদিনত স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসাধীন হৈ থকা গ্ৰেটাৰ নয়ডাৰ ইয়াথাৰ্থ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

পৰিয়ালৰ লোকে জনোৱা মতে, খাচন্দ্ৰ সিং ভেণ্টিলেটৰৰ সহায়ত আছিল আৰু চিকিৎসকে তেওঁৰ অৱস্থা সুস্থিৰ কৰিবলৈ অবিৰতভাৱে ৰেনাল থেৰাপী প্ৰদান কৰি আছিল। নিবিড় যত্ন লোৱাৰ পিছতো তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু অৱশেষত তেওঁৰ মৃত্যু হয়।

টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ সৈতে ব্যস্ত হৈ থকাৰ সময়তে এই মৰ্মান্তিক ঘটনা সংঘটিত হয়। জিম্বাবুৱেৰ বিৰুদ্ধে ছুপাৰ ৮ৰ খেলখনৰ পূৰ্বে পিতৃৰ অৱস্থা অধিক বেয়া হৈ পৰাত তেওঁ ঘৰলৈ উভতি আহিছিল। পিছত তেওঁ চেন্নাইত পুনৰ দলত যোগদান কৰে। অৱশ্যে পিতৃৰ মৃত্যুৰ পিছত তেওঁ ঘৰলৈ উভতি আহিছে।

জিম্বাবুৱেৰ বিৰুদ্ধে খেলখনৰ বাবে ৰিংকু সিং প্লেইং এলেভেনৰ অংশ নাছিল। দলৰ সংমিশ্ৰণ সলনি কৰি সঞ্জু চেমচন আৰু অক্ষৰ পেটেলক অন্তৰ্ভুক্ত কৰা হয়। অৰ্ডাৰৰ শীৰ্ষত সঞ্জু চেমছনক সুযোগ দিয়া হৈছিল, ঈশান কিষানক তললৈ পঠিওৱা হৈছিল, আৰু তিলক বৰ্মাক ফিনিছাৰৰ ভূমিকা দিয়া হৈছিল। অৱশ্যে বিকল্প হিচাপে খেলপথাৰত থাকিল ৰিংকুৱে।

ৰিংকু সিঙে এই পৰ্যন্ত ৫ খন মেচ খেলি ২৪ ৰান সংগ্ৰহ কৰি ফিনিছাৰ হিচাপে নিযুক্ত ভূমিকা পালন কৰিছে।

তেওঁ আৰু খেলিব নে নাই সেই সম্পৰ্কে অনিশ্চয়তা অব্যাহত আছে। ভাৰতৰ এতিয়া কলকাতাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ মেচ আছে, যিখন প্ৰায় নকআউট মেচ। ফলস্বৰূপে ৰিংকু সিঙৰ উপলব্ধতাক লৈ অনিশ্চয়তা অব্যাহত আছে। তেওঁৰ অংশগ্ৰহণ সন্দৰ্ভত ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অথবা দল পৰিচালনা সমিতিয়ে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

যি সময়ত টিম ইণ্ডিয়াই গুৰুত্বপূৰ্ণ খেলখনৰ বাবে প্ৰস্তুতি চলাইছে, সেই সময়ত খেলুৱৈসকলে এই কঠিন সময়ত নিজৰ সতীৰ্থৰ সৈতে থিয় হৈ আছে।

হৰভজন সিঙৰ শোক প্ৰকাশ

ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে শোক প্ৰকাশ কৰি কয় যে, খাচন্দ্ৰ সিং ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। টি-২০ বিশ্বকাপৰ সময়ত ৰিংকু আৰু তেওঁৰ পৰিয়ালৰ বাবে এইটো এটা অতি কঠিন সময়। তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সৈতে মোৰ সমবেদনা। ৱাহেগুৰুৱে বিদেহী আত্মাক শান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালক এই ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।

ৰিংকু সিঙৰ ব্যক্তিগত দুখৰ মাজতে সমগ্ৰ ক্ৰিকেট জগত তেওঁৰ লগত থিয় দি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande