শিৱসাগৰত আৰক্ষীৰ অভিযানত কন্টেইনাৰসহ জব্দ ৩৫ টা চোৰাং গৰু, তিনিজনক আটক
শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। নিশা চোৰাং গৰু সৰবৰাহ চক্ৰৰ বিৰুদ্ধে শিৱসাগৰত জয়সাগৰ আৰক্ষীৰ অভিযান। কন্টেইনাৰসহ জব্দ ৩৫ টা চোৰাং গৰু, তিনিজনক আটক। আটকাধীন ব্যক্তি তিনিজনৰ নাম আবুল কালাম (৪২), আতাউৰ ৰহমান (৩৭), আয়ুব খান (২২)। বি আৰ ০৩ জি বি ৮২২১
শিৱসাগৰত আৰক্ষীৰ অভিযানত কন্টেইনাৰসহ জব্দ ৩৫ টা চোৰাং গৰু, তিনিজনক আটক


শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। নিশা চোৰাং গৰু সৰবৰাহ চক্ৰৰ বিৰুদ্ধে শিৱসাগৰত জয়সাগৰ আৰক্ষীৰ অভিযান। কন্টেইনাৰসহ জব্দ ৩৫ টা চোৰাং গৰু, তিনিজনক আটক। আটকাধীন ব্যক্তি তিনিজনৰ নাম আবুল কালাম (৪২), আতাউৰ ৰহমান (৩৭), আয়ুব খান (২২)। বি আৰ ০৩ জি বি ৮২২১ নম্বৰৰ এখন কন্টেইনাৰত সৰবৰাহ কৰিছিল গৰুকেইটা।

ডিমৌ দিশৰ পৰা নগাঁৱৰ ৰূপহী অভিমুখে কঢ়িয়াই নিওঁতেই জব্দ কৰে আৰক্ষীয়ে। শিৱসাগৰ ভটীয়াপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে কন্টেইনাৰ সহ গৰুকেইটা। গৰু চোৰ কেইটাক বৰ্তমান আৰক্ষীৰ জেৰা অব্যাহত আছে। ইয়াৰ পুৰ্বেও শিৱসাগৰত গৰু চুৰি চক্ৰক আটক কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande