তেজপুৰত মিছন বসুন্ধৰা আঁচনিৰ অধীনত খিলঞ্জীয়া তথা শৈক্ষিক-সামাজিক-ধৰ্মীয় অনুষ্ঠানলৈ ভূমি পট্টন
–১৯৪৫ চনতে প্ৰতিষ্ঠা হোৱা দৰংমহাবিদ্যালয় ,ঐতিহাসিক শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয় ,অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ে আজিহে লাভ কৰিলে চৰকাৰী ভূমি পট্টনৰ আনুষ্ঠানিক পত্ৰ –বিশেষ অনুষ্ঠানত বিধায়ক পৃথ্বিৰাজ ৰাভা আৰ
তেজপুৰত মিছন বসুন্ধৰা আচনিৰ অধীনত ৪২৬ গৰাকী খিলঞ্জীয়া আৰু ২০৪ টা শৈক্ষিক -সামাজিক -ধৰ্মীয় অনুষ্ঠানক ভূমি পট্টনৰ চৰকাৰী পত্ৰ প্ৰদান


তেজপুৰত মিছন বসুন্ধৰা আচনিৰ অধীনত ৪২৬ গৰাকী খিলঞ্জীয়া আৰু ২০৪ টা শৈক্ষিক -সামাজিক -ধৰ্মীয় অনুষ্ঠানক ভূমি পট্টনৰ চৰকাৰী পত্ৰ প্ৰদান


তেজপুৰত মিছন বসুন্ধৰা আচনিৰ অধীনত ৪২৬ গৰাকী খিলঞ্জীয়া আৰু ২০৪ টা শৈক্ষিক -সামাজিক -ধৰ্মীয় অনুষ্ঠানক ভূমি পট্টনৰ চৰকাৰী পত্ৰ প্ৰদান


তেজপুৰত মিছন বসুন্ধৰা আচনিৰ অধীনত ৪২৬ গৰাকী খিলঞ্জীয়া আৰু ২০৪ টা শৈক্ষিক -সামাজিক -ধৰ্মীয় অনুষ্ঠানক ভূমি পট্টনৰ চৰকাৰী পত্ৰ প্ৰদান


–১৯৪৫ চনতে প্ৰতিষ্ঠা হোৱা দৰংমহাবিদ্যালয় ,ঐতিহাসিক শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয় ,অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ে আজিহে লাভ কৰিলে চৰকাৰী ভূমি পট্টনৰ আনুষ্ঠানিক পত্ৰ

–বিশেষ অনুষ্ঠানত বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্তৰ আনুষ্ঠানিকভাৱে ভূমি পট্টনৰ প্ৰমাণ পত্ৰ প্ৰদান

শোণিতপুৰ, ২৮ ফেব্ৰুৱাৰী (হি.স.)। দেশৰ স্বাধীনতাৰ ৭৭ বছৰৰ ঐতিহাসিক অন্যায়ৰ ন্যায় প্ৰদানৰ অসম চৰকাৰৰ যুগান্তকাৰী আঁচনিৰ অধীনত ৰাজ্যখনৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ১৯৪৫ চনৰ ২৬ জুলাইতে গঢ় লৈ স্বায়ত্ব শাসিত দৰং মহাবিদ্যালয়ৰ লগতে তেজপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয়, তেজপুৰ চৰকাৰী শিক্ষক শিকন মহাবিদ্যালয়, অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ দৰে প্ৰাচীন অনুষ্ঠানে আজিৰ দিনটোতহে লাভ কৰিবলৈ সক্ষম হয় চৰকাৰী ভূমি পট্টনৰ আনুষ্ঠানিক প্ৰমাণ পত্ৰ অৰ্থাৎ ভূমি পট্টা । উল্লেখ্য যে অসম চৰকাৰৰ মিছন বসুন্ধৰা ৩.০ আঁচনিৰ অধীনত আজি ৰাজ্যখনৰ ৯৮ খন জিলাৰ লক্ষাধিক খিলঞ্জীয়া লোকৰ কেবা সহস্ৰাধিক শৈক্ষিক-সামাজিক তথা ধৰ্মীয় অনুষ্ঠানক অসম চৰকাৰে ভূমি অধিকাৰ নিশ্চিত কৰি আনুষ্ঠানিকভাৱে পট্টন আবন্তনৰ পত্ৰ প্ৰদান কৰে ।

এই অনুষ্ঠানৰ সমান্তৰালভাৱে আজি তেজপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৪২৬ গৰাকী ভূমিহীন খিলঞ্জীয়া লোক আৰু ২০৪ টা শৈক্ষিক, সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানকো তেজপুৰত ভূমি পট্টনৰ চৰকাৰী প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰৰ বেংগলী অবৈতনিক নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, শোণিতপুৰ জিলা পৰিষদৰ অধ্যক্ষা মণিষা উপাধ্যায়, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিশ্বদেৱ ভট্টাচাৰ্য আৰু তেজপুৰ পৌৰসভাৰ পৌৰপতি ৰমেন তামুলীৰ উপস্থিতিত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আনুষ্ঠানিকভাৱে এই ভূমি পট্টনৰ চৰকাৰী প্ৰমাণ পত্ৰ প্ৰদান কৰে।

তেজপুৰ সদৰ ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া চয়নিকা হাজৰিকা, সংলগ্ন ৰাজহ চক্ৰ বিষয়া অনিশ বেৰীয়া, বিশিষ্ট সমাজকৰ্মী অঞ্জলি কলিতা, স্বপ্না বনিয়া, মৰমী শইকীয়া গাওঁ পঞ্চায়তৰ কেবাগৰাকীও সভাপতিকে ধৰি জিলা প্ৰশাসন আৰু ৰাজহ চক্ৰ বিভাগৰ বিষয়া -কৰ্মচাৰী আৰু বিশিষ্ট ব্যক্তি সকল উপস্থিত থকা অনুষ্ঠানটিৰ আৰম্ভণিতে আদৰণী ভাষণ আগবঢ়াই জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে খিলঞ্জীয়া ভূমি পুত্ৰ সকলৰ একাংশৰ দীৰ্ঘদিনীয়া ভূমি সমস্যা দূৰ হোৱা বুলি মন্তব্য কৰি দৰং মহাবিদ্যালয়ৰ দৰে ঐতিহ্যমণ্ডিত শৈক্ষিক অনুষ্ঠানো এনে সমস্যাৰ পৰা আজি মুক্ত হ'ল বুলি মন্তব্য কৰে।

অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা বিধায়ক পৃথ্বিৰাজ ৰাভাই এই আঁচনিৰ জৰিয়তে কেনেদৰে দীৰ্ঘদিন ধৰি ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ থকা ৰাজহুৱা অনুষ্ঠান আৰু লোক সকল উপকৃত হোৱাৰ বিষয়ত আলোকপাত কৰে। আজিৰ অনুষ্ঠানটিত দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়া, তেজপুৰ শিক্ষক শিকন মহাবিদ্যালয়ৰ অধ্যক্ষ অজয় কাণ্ডুলানা, শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয়ৰ পূজাৰী ৰাজু চক্ৰৱৰ্তী, জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা নিজেই উপস্থিত থাকি এই চৰকাৰী ভূমি পট্টনৰ পত্ৰ গ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande