ৰঙিয়া ততাৰকুছিত গৰু চোৰৰ সন্ত্ৰাস
কামৰূপ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। ৰঙিয়া ততাৰকুছিত গৰু চোৰৰ সন্ত্ৰাস। বৃহস্পতিবাৰে নিশা বেৰ কাটি চোৰে লৈ গ''ল গো-ধন। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। উল্লেখযোগ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত প্ৰায়ে সংঘটিত হৈ আহিছে গৰু চুৰিকে ধৰি বিভিন্ন চুৰি কাৰ্য্যৰ ঘটনা। বিশেষ
ৰঙিয়া ততাৰকুছিত গৰু চোৰৰ সন্ত্ৰাস


ৰঙিয়া ততাৰকুছিত গৰু চোৰৰ সন্ত্ৰাস


কামৰূপ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। ৰঙিয়া ততাৰকুছিত গৰু চোৰৰ সন্ত্ৰাস। বৃহস্পতিবাৰে নিশা বেৰ কাটি চোৰে লৈ গ'ল গো-ধন। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। উল্লেখযোগ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত প্ৰায়ে সংঘটিত হৈ আহিছে গৰু চুৰিকে ধৰি বিভিন্ন চুৰি কাৰ্য্যৰ ঘটনা। বিশেষকৈ ৰঙিয়াৰ সীতাৰা আৰু ততাৰকুছিত সঘনাই সংঘটিত হৈ অহা চুৰি কাৰ্য্যই এতিয়া অতিষ্ঠ কৰি তুলিছে অঞ্চলবাসীক।

এইবাৰ নিশা ৰঙিয়াৰ ততাৰকুছিত বাঁহৰ বেৰ কাটি চোৰে লৈ গ'ল গোধন। একমাত্ৰ গাখীৰ বিক্ৰী কৰি জিৱীকা নিৰ্বাহ কৰি অহা পৰিয়ালটোত সৃষ্টি হৈছে এতিয়া হাহাকাৰ পৰিবেশৰ টুকিছে মাথো চকুলো। পহৰা তথা পোহৰৰ ব্যৱস্থা নথকাৰ বাবে এনেধৰণৰ চুৰি কাৰ্য্য সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজ তথা পৰিয়ালৰ। গতিকে পোহৰ তথা পহৰাৰ ব্যৱস্থা কৰাৰ বাবে প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ইয়াৰ স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande