
বিশ্বনাথ, ২৭ ফেব্ৰুৱাৰী (হি.স.): নিৰ্বাচনৰ প্ৰাকক্ষণত দেখিবলৈ পোৱা গৈছে দল ৰদ বদলৰ ঘটনা। বিশ্বনাথত যোৱা কালি বৃহস্পতিবাৰে বিয়লি কংগ্ৰেছ দলৰ বৃহৎ খহনীয়াৰ সৃ্ষ্টি হয় । এক সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপি দলত।
বিজেপি দলত নতুনকৈ যোগদান কৰা সঞ্জু বৰুৱাক বিশ্বনাথত উস্ম আদৰনি জনাই বিশ্বনাথ জিলা বিজেপি কৰ্মীয়ে নগৰৰ মাজেৰে এক বিশাল বাইক ৰেলী উলিয়ায়। ডঃ সঞ্জু বৰুৱাৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিৰ জিলা কাৰ্যালয়ত উপস্থিত হয়। এই অনুষ্ঠানত সাংসদ ৰঞ্জিত দত্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিধায়ক দিগন্ত ঘাটোৱালৰ উপস্থিতিত আনুষ্ঠানিকভাৱে প্ৰায় ১০০ৰো অধিক কংগ্ৰেছ কৰ্মীয়ে গেৰুৱা বসন পিন্ধি বিজেপিত যোগদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ