কুমাৰীকাটাত বিটিচি প্ৰশাসনৰ চেক্ বিতৰণ
তামুলপুৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। পাঁচ মাহতে বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে যিখিনি উন্নয়নমূলক কাম কৰিছে, সেয়া কেৱল হাগ্ৰামা মহিলাৰীৰ বাবেহে সম্ভৱ হৈছে।― আজি তামুলপুৰ জিলাৰ ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কুমাৰীকাটা দুৰ্গা মন্দিৰ প্ৰাংগণত
কুমাৰীকাটাত বিটিচি প্ৰশাসনৰ চেক্ বিতৰণ


কুমাৰীকাটাত বিটিচি প্ৰশাসনৰ চেক্ বিতৰণ


তামুলপুৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। পাঁচ মাহতে বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে যিখিনি উন্নয়নমূলক কাম কৰিছে, সেয়া কেৱল হাগ্ৰামা মহিলাৰীৰ বাবেহে সম্ভৱ হৈছে।― আজি তামুলপুৰ জিলাৰ ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কুমাৰীকাটা দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত বিটিচিৰ ৫টা আঁচনিৰ চেক্ বিতৰণী সভাত বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীয়ে এনেদৰে কয়।

উল্লেখ্য যে মাননীয় বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠন কৰাৰ আগতেই ৫টা গেৰাণ্টী দিছিল ৰাইজৰ ওচৰত। আজি তাৰেই চেক্ বিতৰণী অনুষ্ঠানত বিটিচিৰ সচিব মানস দাসে ভাষণৰ মাজতে এক গুৰুত্বপূৰ্ণ বিষয়ৰ কথা উল্লেখ কৰে― ''ভূমিপট্টা প্ৰদান এক অবিৰত প্ৰক্ৰিয়া। সকলো উপযুক্ত লোকে সময়ে সময়ে এই ভূমিপট্টা লাভ কৰিব। আজিৰ সভাত বিশেষভাৱে সক্ষম ৩৯৪গৰাকী লোকক ১০ হাজাৰ টকাকৈ, জ্যেষ্ঠ নাগৰিক ১৫০গৰাকীক ১০ হাজাৰ টকাকৈ, আই বি এছ আঁচনিৰ অধীনত ১,২৫০গৰাকী লোকক ১০ হাজাৰ টকাকৈ, বডোলেণ্ড ক্ৰীড়া আৰু যুৱকল্যাণৰ অধীনত ১০০গৰাকীক ২ লাখ টকাকৈ, আত্মসহায়ক গোট ৮৩৩টাক ১৫ হাজাৰ টকাকৈ বেংক একাউণ্টযোগে ধন প্ৰদান কৰাৰ সমান্তৰালভাৱে ১৪খন ভূমিপট্টা প্ৰদান কৰা হয়। উল্লেখ্য যে জিলাখনৰ গয়বাৰী আৰু নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত ২৬ ফেব্ৰুৱাৰীত চেক্ বিতৰণ কৰিছিল। কাইলৈ, অৰ্থাৎ ২৮ ফেব্ৰুৱাৰীতো গোৰেশ্বৰ আৰু শুক্লাই ছেৰফাং সমষ্টিত বিটিচি প্ৰশাসনৰ ৫টা নিশ্চিত প্ৰতিশ্ৰুতিৰ চেক্ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। আজি কুমাৰীকাটাত অনুষ্ঠিত চেক্ বিতৰণ কাৰ্যসূচীত পাৰিষদ মহেশ্বৰ বসুমতাৰী, খণ্ড উন্নয়ন বিষয়া দেৱ কুমাৰ বসুমতাৰীৰ উপৰি প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, ৰাজনৈতিক দলৰ সদস্য আদি উপস্থিত আছিল বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande