
চিৰাং, ২৭ ফেব্ৰুৱাৰী (হি.স.): বিটিচি প্ৰশাসনে ৰূপায়ণ কৰি থকা পাঁচ গেৰান্টি আঁচনিৰ ৰূপায়ণৰ উদ্দেশ্যে যোৱা কালি বৃহস্পতিবাৰে বিয়লি চিৰাং জিলাৰ কাজলগাঁৱস্থিত আলাইখুংগ্ৰী পথাৰত চেক বিতৰণৰ কাৰ্যসুচী ৰূপায়ণ কৰে। বিটিচিৰ ১৫ নম্বৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীৰ মাজত এই আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত পৌৰহিত্যত কৰে বিটিচিৰ পাৰিষদ তথা চিৰাং জিলা বিপিএফৰ সভাপতি জেমছ বসুমতাৰীয়ে।
বিটিচিৰ সচিব কৰ্মদেৱ ব্ৰহ্মই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোৰ মুখ্য অতিথি কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই বিগত বিটিচি নিৰ্বাচনত বিপিএফে ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি এই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ লৈছে বুলি ভাষণত মত প্ৰকাশ কৰে। সভাত ন গৰাকী ভূমিহীন লোকক ভূমি পট্টা, ৮২৮ টা আত্ম সহায়ক গোটলৈ পোন্ধৰ হেজাৰ টকাৰ চেক, ১২১ গৰাকী জ্যেষ্ঠ নাগৰিকলৈ দহ হেজাৰ টকাৰ চেক, ১০০ গৰাকী যুৱক যুৱতীলৈ দুই লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰাৰ লগতে ১৯ গৰাকী দিব্যাংগলৈ দহ হেজাৰ টকাৰ চেক প্ৰদান কৰে। অনুষ্ঠানত পাঁচ গেৰান্টি আঁচনি ৰূপায়নৰ তত্বাৱধানক কাষ্টম বসুমতাৰী, যুৱ বিপিএফৰ উপ সভাপতি প্ৰহ্লাদ ব্ৰহ্মই ভাষণ প্ৰদান কৰে। অনুষ্ঠানত প্ৰাক্তন বিধায়ক মতীন্দ্ৰ বসুমতাৰী, বিপিএফৰ মহিলা গোটৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম সহ কে'বাজনো অতিথিয়ে অংশ গ্ৰহণ কৰে অনুৰূপ কাৰ্যসুচী আজি ১৬ নম্বৰ নিছিমা সমষ্টিৰ অধীনৰ কয়লা-ময়লাতো অনুষ্ঠিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ