
ৰায়পুৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। ছত্তীশগড় চৰকাৰৰ পুনসংস্থাপন নীতিৰ অধীনত আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি অহা ১২০জন প্ৰাক্তন নক্সালবাদীয়ে শুকুৰবাৰে সদনৰ কাৰ্য্যবিধিৰ সাক্ষী হ’ল ছত্তীশগড় বিধানসভাত। এই পদক্ষেপৰ লক্ষ্য আছিল প্ৰাক্তন নক্সালবাদীসকলক গণতান্ত্ৰিক ব্যৱস্থা আৰু বেলটৰ শক্তিৰ সৈতে পৰিচিত কৰা।
আত্মসমৰ্পণ কৰা নক্সালসকলৰ ভিতৰত আছিল ৬৬জন পুৰুষ আৰু ৫৪গৰাকী মহিলা। নক্সাল সংগঠনৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ সদস্য ৰূপেশ, বাসৱ, চৈতু, ললিতা আৰু ৰাজুও উপস্থিত থাকে। সংগঠনটোৰ সাধাৰণ সদস্য হিচাপে পৰিগণিত হোৱা প্ৰাক্তন নক্সালবাদীসকলে দৰ্শনাৰ্থীৰ গেলেৰীৰ পৰাই কাৰ্যসূচী চাইছিল, আনহাতে কেন্দ্ৰীয় সমিতিৰ নেতাসকল অধ্যক্ষৰ গেলেৰীত বহিছিল।
২০১৩ চনৰ ঝিৰাম উপত্যকা আক্ৰমণৰ কথিত মাষ্টাৰমাইণ্ড ২৫ লাখ টকা পুৰস্কাৰ ঘোষিত চৈতুই প্ৰায় ৩৫ বছৰ জংঘলত কটোৱাৰ পিছত ২০২৫ চনৰ নৱেম্বৰ মাহত আত্মসমৰ্পণ কৰি এতিয়া স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছে।
বিধানসভাৰ অধ্যক্ষ আৰু সদনৰ সদস্যসকলে তেওঁলোকক আদৰণি জনাই মূলসুঁতিৰ সমাজলৈ ঘূৰি অহাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। চৰকাৰৰ মতে গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শই পুনসংস্থাপন প্ৰক্ৰিয়াক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
উপ-মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী বিজয় শৰ্মাই সদনত অৱগত কৰে যে এই পৰ্যন্ত ৰাজ্যৰ ২,৯৩৭ জন নক্সালবাদীয়ে পুনৰ্বাসন নীতিৰ দ্বাৰা উপকৃত হৈ মূলসুঁতিত যোগদান কৰিছে । ছত্তীশগড় বিধানসভাৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰি তেওঁ কয় যে যিসকলে হিংসা ত্যাগ কৰি উভতি আহিছে তেওঁলোকক গণতন্ত্ৰত আদৰণি জনোৱাৰ লগতে সন্মান জনোৱা উচিত ।
বিধানসভা ভ্ৰমণৰ পূৰ্বে উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মাই বৃহস্পতিবাৰে নিশা নিজৰ বাসগৃহত আত্মসমৰ্পণ কৰা সকলো নক্সালবাদীৰ সন্মানত এক ভোজৰ আয়োজন কৰে, য’ত তেওঁলোকে তেওঁলোকৰ সৈতে মত বিনিময় কৰে আৰু পুনসংস্থাপন আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া