
চিৰাঙ, ২৭ফেব্ৰুৱাৰী (হি.স.)। চিৰাঙৰ বিজনী মহকুমা অসামৰিক চিকিৎসালয়ত শুকুৰবাৰে ডায়েলাইচিচ ইউনিট আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিটিচি ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীয়ে ।
চিৰাঙৰ স্বাস্থ্য সমাজৰ উদ্যোগত আৰু এপ'ল ডায়েলাইচিচ প্ৰাইভেট লিমিটেড ৰ সহযোগত আয়োজিত উদ্বোধনী অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচি ৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰী, থুৰিবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমান, নিছিমা পৰিষদীয় সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী, মানস-চেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ ধনঞ্জয় বসুমতাৰী, বিটিচ ৰ যুটীয়া সচিব ৰক্তিম বুঢ়াগোহাঁই, বিজনীৰ মহকুমাধিপতি অৰজিৎ মাহাজন, এপ'ল ডায়েলাইচিচ চাৰ্ভিচ ৰ অসমৰ মাণ্ডলিক প্ৰৱন্ধক গৌৰৱ তালুকদাৰ, সমাজকৰ্মী ড৹ সুবীৰ কুমাৰ দাস, মহকুমা স্বাস্থ্য বিষয়া ডা৹ ৰবিৰাম ঔৱাৰীসহ অতিথিবৃন্দ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা