বিলাসীপাৰাৰ নায়েৰ আলগা উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ত একাংশ জন প্ৰতিনিধিৰ দপদপনি
বিলাসীপাৰাৰ নায়েৰ আলগা উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ত একাংশ জন প্ৰতিনিধিৰ দপদপনি।
বিলাসীপাৰাৰ নায়েৰ আলগা উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ত একাংশ জন প্ৰতিনিধিৰ দপদপনি


ধুবুৰী, ২৭ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নায়েৰ আলগা উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ত যোৱা কালি বৃহস্পতিবাৰে বিয়লি একাংশ জন প্ৰতিনিধিৰ দপদপনিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এগৰাকী চৰকাৰী বিষয়াক কাৰ্যালয়ৰ ভিতৰতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে জিলা পৰিষদৰ সদস্যাৰ বিৰুদ্ধে।

জানিব পৰা মতে মহামায়া জিলা পৰিষদৰ সদস্যা ছফুৰা খাতুনসহ ভেৰোনীয়া গুণ্ডা বাহিনী লগত লৈ কাৰ্যালয়ত সোমাই পঞ্চায়ত সচিবৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ ফাইল কাঢ়ি লৈ অশ্লীল ভাষাৰে গালি গালাজ কৰে।সচিব গৰাকীৰ মনাত থকা গুৰুত্বপূৰ্ণ নথি পত্ৰ কাঢ়ি লৈ ছিঙি লণ্ড ভণ্ড কৰি পেলায়।

এই ঘটনা সন্দৰ্ভত কাজাইকাটা গাওঁ পঞ্চায়তৰ সচিব গৰাকীয়ে নিজক ৰক্ষা কৰিবলৈ জিলা পৰিষদৰ সদস্যাসহ কেইবাজনো ভেৰোণীয়া গুণ্ডাৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এখন এজাহাৰ দাখিল কৰে।উক্ত এজাহাৰ ভিত্তিত বিলাসীপাৰা আৰক্ষী আৰু বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যনীয় হ'ব।সমগ্ৰ ঘটনাই বিভিন্ন দ'ল সংগঠন তথা সচেতন মহলে ধিক্কাৰ দিয়াৰ লগতে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande