
গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। ইনষ্টাগ্ৰামত সৰ্বাধিক অনুগামীৰে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হোৱা ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্মৰাজী সৰ্বস্তৰৰ জনসাধাৰণলৈ লৈ যোৱাৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ কাৰ্যকৰ্তাসকলে আজিৰে পৰা “মোদীৰ বন্ধু” শীৰ্ষক এক ডিজিটেল প্ৰচাৰ আৰম্ভ কৰে৷ বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এক সহস্ৰাধিক ডিজিটেল প্লেটফৰ্মৰ লগত জড়িত থকা যুৱক-যুৱতীৰ উপস্থিতিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই “মোদীৰ বন্ধু” শীৰ্ষক অভিযানৰ শুভাৰম্ভণি কৰে৷
অনুষ্ঠানত ৰাষ্ট্ৰীয় নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্তা জয় পাণ্ডা, সাংসদ বাসুৰী স্বৰাজ আৰু দৰ্শনা যাৰ্দোষ উপস্থিত থাকে৷ যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাসৰ নেতৃত্বত সমগ্ৰ অসমৰ সকলো অঞ্চলকে সামৰি “মোদীৰ বন্ধু” শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে ডিজিটেল প্লেটফৰ্মৰ লগত জড়িত থকা লক্ষাধিক যুৱক-যুৱতীয়ে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম-কাজ সমূহৰ সম্পৰ্কে সামাজিক মাধ্যমত বিস্তৃত্ব ৰূপত প্ৰচাৰ কৰি জনসাধাৰণক অৱগত কৰাৰ প্ৰয়াস কৰিছে৷ আজিৰ উন্মোচনী সভাখনৰ আঁতধৰে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী