এছ অএছ শিশু গাওৰ উদ্যোগত পলাশবাৰীত বিশেষ সজাগতা সভা
গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। এছ অএছ শিশু গাও গুৱাহাটী শাখাৰ উদ্যোগত পলাশবাৰীৰ দখলা ভোলাপাৰাত বিশেষ সজাগতা সভা সম্পন্ন। পলাশবাৰীৰ দখলা ভোলাপাৰাত এছ অএছ শিশু গাও গুৱাহাটী শাখাৰ উদ্যোগত এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত বিশুদ্ধ পানী ব্
এছ অএছ শিশু গাওৰ  উদ্যোগত পলাশবাৰীত বিশেষ সজাগতা সভা


গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। এছ অএছ শিশু গাও গুৱাহাটী শাখাৰ উদ্যোগত পলাশবাৰীৰ দখলা ভোলাপাৰাত বিশেষ সজাগতা সভা সম্পন্ন।

পলাশবাৰীৰ দখলা ভোলাপাৰাত এছ অএছ শিশু গাও গুৱাহাটী শাখাৰ উদ্যোগত এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত বিশুদ্ধ পানী ব্যৱহাৰ, উপযুক্ত শৌচালয় ব্যৱস্থা,চাবোনেৰে হাত ধোৱা, ঘৰৰ পৰিচ্ছন্নতাকে আদি কৰি শিশু সকলৰ পুষ্টি নিশ্চিত কৰাৰ বাবে বিভিন্ন দিহা পৰামৰ্শ প্ৰদান কৰা হয়।

এই সভাত মুঠ ১৩৫ গৰাকী লোকে অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে এছ অএছ শিশু গাও ৰাজ্যিক সঞ্চালক দেৱমাল্য বিশ্বাস চৌধুৰী, দখলা গাওঁৰ গাওঁপ্ৰধান সন্তোষ ঠাকুৰীয়া, সভাপতি ব্ৰজেন তালুকদাৰ, সম্পাদক বসন্ত ঠাকুৰীয়া, প্ৰধান শিক্ষক গোবিন্দ গোস্বামী সহ আন বহুতো গন্য মান্য ব্যক্তি।

উক্ত সভাৰ আত ধৰে আব্দুল কৰিমে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande