যোৰহাট আৰু তিতাবৰ আৰক্ষীৰ যুটীয়া অভিযানত পিষ্টল সহ তিনি যুৱক গ্ৰেপ্তাৰ
যোৰহাট, ২৭ ফেব্ৰুৱাৰী (হি.স.)। যোৰহাট আৰু তিতাবৰ আৰক্ষীৰ যুটীয়া অভিযানত পিষ্টল সহ তিনি যুৱক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা তিনি যুৱক ক্ৰমে আচাৰ্য গগৈ,ভাৰত গগৈ আৰু ডানিছ বৰুৱা। উদ্ধাৰ এটা পিষ্টল, এটা মেগজিন আৰু এখন স্কুটি ।শুকুৰবাৰে তিতাবৰ আৰু যোৰহাট আ
যোৰহাট আৰু তিতাবৰ আৰক্ষীৰ যুটীয়া অভিযানত পিষ্টল সহ তিনি যুৱক গ্ৰেপ্তাৰ


যোৰহাট, ২৭ ফেব্ৰুৱাৰী (হি.স.)। যোৰহাট আৰু তিতাবৰ আৰক্ষীৰ যুটীয়া অভিযানত পিষ্টল সহ তিনি যুৱক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা তিনি যুৱক ক্ৰমে আচাৰ্য গগৈ,ভাৰত গগৈ আৰু ডানিছ বৰুৱা। উদ্ধাৰ এটা পিষ্টল, এটা মেগজিন আৰু এখন স্কুটি ।শুকুৰবাৰে তিতাবৰ আৰু যোৰহাট আৰক্ষীৰ এক অভিযানত পিষ্টলসহ আটক তিনি অপৰাধীক আটক কৰা হৈছে। ইয়াৰে, আচাৰ্য গগৈ ,ভৰত গগৈৰ ঘৰ তিতাবৰৰ ২ নং মৰাণ গাঁৱত। আনহাতে, ডানিচ বৰুৱাৰ ঘৰ যোৰহাটৰ চিনামৰাত।

আৰক্ষীৰ চোৰাংচোৱাৰ পৰা লাভ কৰা, গোপন তথ্যৰ ভিত্তিত তিতাবৰ আৰু যোৰহাট আৰক্ষীয়ে মৰাণ গাঁওত অভিযান চলাই আচাৰ্য গগৈ আৰু ভৰত গগৈক জিম্মাত লয়। দুয়োজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে যোৰহাট চিনামৰাৰ ডানিচ বৰুৱাক কৰায়ত্ত কৰাৰ লগতে এটা পইণ্ট ৩২ পিষ্টল আৰু এটা সজীৱ গুলীসহ এখন স্কুটি জব্দ কৰে। অধিক তথ্যৰ বাবে তিনিজনকে তিতাবৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande