চাপৰৰ শালকোচাস্থিত ঐতিহাসিক চান্দৰডিঙা পাগলাবাবা মন্দিৰ প্ৰাংগনত অশোকাষ্টমীৰ আয়োজন
চাপৰৰ শালকোচাস্থিত ঐতিহাসিক চান্দৰডিঙা পাগলাবাবা মন্দিৰ প্ৰাংগনত অশোকাষ্টমীৰ আয়োজন।
চাপৰৰ শালকোচাস্থিত ঐতিহাসিক চান্দৰডিঙা পাগলাবাবা মন্দিৰ প্ৰাংগনত অশোকাষ্টমীৰ আয়োজন


ধুবুৰী, ২৭ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ শালকোচাস্থিত ঐতিহাসিক চান্দৰডিঙা পাগলাবাবা মন্দিৰ প্ৰাংগনত অশোকাষ্টমীৰ আয়োজন কৰা হৈছে। আন আন বছৰৰ দৰেও এইবেলিও অহা ২৬ মাৰ্চ তাৰিখে ঐতিহাসিক চান্দৰডিঙাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অনুষ্ঠিত হ'ব এই অশোকাষ্টমী মেলা । য'ত সমাগম হয় লাখ লাখ ভক্ত প্ৰাণ ৰাইজৰ।

ইফালে খুব দুখ মনেৰে মন্দিৰ পৰিচালনা সমিতিয়ে আক্ষেপ ব্যক্ত কৰি কয় যে ঐতিহাসিক চান্দৰডিঙাৰ শ্ৰী শ্ৰী পাগলা বাবা মন্দিৰটো প্ৰথমৰ পৰাই বিলাসীপাৰা সমষ্টিত অন্তৰ্ভুক্ত আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কোন গৰাকী ৰাজনৈতিক নেতাৰ হস্তক্ষেপত বিৰসিং-জৰুৱা সমষ্টিত অন্তৰ্ভুক্ত হ'ল গৈ তাক লৈ চিন্তিত হৈ পৰিছে ভক্ত প্ৰাণ ৰাইজসকল। ভক্ত প্ৰাণ ৰাইজৰ দাবী যে পুনৰাই ঐতিহাসিক চান্দৰডিঙাৰ শ্ৰী শ্ৰী পাগলা বাবা মন্দিৰটো বিলাসীপাৰা সমষ্টিত অন্তৰ্ভুক্ত হ'ব লাগে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande