
ডিব্ৰুগড় ২৭ ফেব্ৰুৱাৰী (হি.স.): ডিব্ৰুগড় আৰু চৰাইদেও জিলাৰ সংগম স্থলী বৃহত্তৰ মৰাণৰ পান মচলাৰ অসাধু পাইকাৰী ব্যৱসায়ীয়ে কেপি গোল্ড, শিখৰ, আদিৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি ক'লা ব্যৱসায়ী জৰিয়তে অধিক মুনাফা আদায় কৰা পৰিলক্ষিত হয়, যাৰ বিৰূদ্ধে টাই আহোম যুৱ পৰিষদ অসমৰ মৰাণ মহকুমাৰ আৰু মৰাণ আঞ্চলিক সমিতিয়ে ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়টো তদন্ত আৰু গুটখাৰ মূল্য বৃদ্ধি আৰু মুকলি বেহা বন্ধ কৰাৰ দাবী জনায়।
ইকফালে যোৱা কালি বৃহস্পতিবাৰে বিয়লি আইনগত বৈধ জোখ-মাখ বিভাগ আৰু টাইপাই মৰাণৰ ৰাজ এণ্টাৰপ্ৰাইজত অভিযান চলায়, বিভাগে উক্ত দোকানৰ পৰা ইলেক্ট্ৰনিক জোখ মাখ মেচিনৰ লগতে গুটখা জাতীয় সামগ্ৰী জব্দ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ